ডিজিটেল ডেস্কঃ কৰোনাকেন্দ্ৰিক পৰিৱেশত দেশত ইন্ধনৰ পৰা আদি কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। মূল্যবৃদ্ধিক লৈ সকলোৱে কঠোৰভাৱে কটাক্ষ কৰিছে শাসকীয় মোডী নেতৃত্বাধীন চৰকাৰক। ৰাজনৈতিক বিৰোধী দলসমূহেও মূল্যবৃদ্ধিক লৈ সৰৱ হোৱা পৰিলক্ষিত হৈছে। প্ৰধান বিৰোধী দল কংগ্ৰেছেও পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ কঠোৰ হৈছে। কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ ৰাষ্ট্ৰীয় এটি সংবাদ সংস্থাই প্ৰকাশ কৰিছে এক বিশেষ তথ্য।
প্ৰকাশিত তথ্য অনুসৰি, পূৰ্বৰ কেন্দ্ৰত থকা কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰতকৈ মোদী চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্টখিনি সফল হৈছে। শেহতীয়াকৈ পেট্ৰল-ডিজেলৰ ওপৰত আৰোপ কৰা ভেট কিছু হ্ৰাস কৰাৰ পৰা আদি কৰি এই সংস্থাটোৱে বিনা ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্যক লৈ এক পাৰিসাংখ্যিক তথ্য দাঙি ধৰিছে।
তথ্য অনুসৰি, ২০০৪চনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ শাসন কালত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য আছিল-২৮১টকা। ইয়াৰ পাছতে ইউ পি এ চৰকাৰৰ শাসন কালৰ শেষৰ পৰ্যায়ত ১মে’ ২০১৪ত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য হৈছিলগৈ ৯২৮টকা। অথাত ইউ পি এ চৰকাৰৰ ১০বছৰৰ শাসন কালত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্যবৃদ্ধি হল ১৯৭শতাংশ।
ইফালে ২০১৪ৰ ১জুনত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে শাসনভাৰ লোৱাৰ সময়ত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য আছিল- ৯০৫টকা। বৰ্তমান সময়ত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য – ৮৯৯টকা(নতুন দিল্লী)। সেই হিচাপত নৰেন্দ্ৰ মোডী চৰকাৰৰ শাসনকালত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য প্ৰায় ৫শতাংশ হ্ৰাস হৈছে। ৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৱে লগতে সদৰি কৰিছে যে, এই তথ্য ৰাজনৈতিক উদ্দেশ্যৰে প্ৰকাশ কৰা হোৱা নাই, যি পৰিসংখ্যা তাকেই সুবহু ৰূপত প্ৰকাশ কৰা হৈছে।