1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:52 am

লাভলীনা আৰু হিমা দাসৰ বাবে মাহেকত ৩.৫লাখ টকা খৰচ কৰিব অসম চৰকাৰে…

  • Update Time : Tuesday, March 15, 2022

ডিজিটেল ডেস্কঃ মঙলবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখন আগুৱাই নিয়াৰ উদ্দেশ্য লাভলীনা আৰু হিমা দাসক বিশেষভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে।

কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, অলিম্পিক প্রস্তুতিৰ বাবে লাভলীনা বৰগোহাঁইলৈ ব্যক্তিগত প্রশিক্ষকৰ ব্যৱস্থা কৰা হব। আৰু ইয়াৰ বাবে মাহিলি ব্যয় কৰিব ২.৫ লাখ টকা। আনহাতে হিমা দাসলৈ অলিম্পিক প্রস্তুতিৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। এতিয়াৰে পৰা অলিম্পিকলৈকে মাহিলি ১ লাখ টকা হিমা দাসলৈ আগবঢ়াব চৰকাৰে।

লগতে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, চাহ জনজাতি জাতীয় সন্মিলনীয়ে দিব পাৰিব OBC প্রমাণ পত্র। অসমত ১৩ লাখ ৬০ হাজাৰ ভেকচিন মজুত আছে বুলি কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰা লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে যে, GMC নিৰ্বাচনত অগপ-বিজেপি মিত্রতাৰে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme