1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:46 am

সাৱধান হওকঃ লটাৰীৰ টিকট কিনাৰ পূৰ্বে ১০০বাৰ ভাৱক…

  • Update Time : Wednesday, June 21, 2023

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ ২নং কদমনি নামঘৰ আৰু হৰি নাম চৰ্চা কেন্দ্ৰৰ সাহায্যাৰ্থে এখন ব্যয়বহুল লটাৰী খেল অনুষ্ঠিত কৰাৰ নামত এটা প্ৰৱঞ্চক চক্ৰই সৰকাই নিয়ে প্ৰায় তিনি কোটি টকা। এতিয়া এই চক্ৰটোৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান। সোমবাৰে নিশা তিনিচুকীয়া আৰক্ষীৰ এটা দলে শিৱসাগৰ, মৰাণ আদি অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চাৰিটা প্ৰৱঞ্চকক।

লটাৰী খেলৰ মাষ্টাৰ মাইণ্ড ভাস্কৰ নাথৰ আত্মীয় দিপাংৰ নাথ,ৰিংকু নাথ,মানৱ নাথ আৰু তিনিচুকীয়াৰ পাৰ্থ প্ৰতীম চেতিয়া সম্প্ৰতি তিনিচুকীয়া আৰক্ষীৰ জিন্মাত। অৱশ্যে মাষ্টাৰ মাইণ্ড এইটো ভাস্কৰ নাথ এতিয়াও পলাতক। ইফালে এনে প্ৰৱঞ্চনাৰ আৰত ৰাজনৈতিক নেতাৰ হস্তক্ষেপ থকাৰো অভিযোগ তুলি তেনে লোকৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ স্থিতি লোৱাৰ দাবী স্থানীয় ৰাইজৰ।

কেৱল তিনিচুকীয়াতে নহয় দৰং জিলাৰ দিপীলাটো লটাৰী খেল অনুষ্ঠিত কৰাৰ নামত লক্ষ লক্ষ টকা আত্মসাৎ কৰাৰ অভিযোগ ছালফাৰ ষ্টাম্পধাৰী এইটো ভাস্কৰ নাথৰ বিৰুদ্ধে। ভাস্কৰ নাথৰ প্ৰৱঞ্চনাৰ জালৰ পৰা সাৰি যোৱা নাছিল দৰং বাসী। কেৱল ছালফা, ৰাজনৈতিক নেতাই নহয় দুজন মান সাংবাদিকো এই অসৎ চক্ৰৰে জড়িত থকাৰ অভিযোগ পাইছে তিনিচুকীয়া আৰক্ষীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme