1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:32 am

কোটি কোটি অনুৰাগীৰ প্ৰাৰ্থনাই ফল ধৰিছে! সুস্থ হৈছে লতা দিদি…

  • Update Time : Friday, January 21, 2022

ডিজিটেল ডেস্কঃ লাহে লাহে স্বাস্থ্যৰ কিছু উন্নতি হৈছে লতা মংগেশকাৰৰ। শেহতীয়াকৈ চিকিতসকে সদৰি কৰিছে এই তথ্য। কোটি কোটি অনুৰাগীৰ প্ৰাৰ্থনাই অৱশেষত ফল ধৰিল। শেহতীয়াকৈ চিকিতসকে লতা দিদিৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু আপডেট ৰাজহুৱা কৰিছে। চিকিতসকে সদৰি কৰা অনুসৰি- তেওঁ এতিয়াও আইচিইউত আছে য’ত চিকিৎসকসকলে তেওঁৰ চোৱাচিতা কৰি আছে আৰু তেওঁক কেইদিনমানৰ বাবে পৰ্যৱেক্ষণত ৰখা হ’ব।

চিকিতসকগৰাকীয়ে লগতে কয়- সম্পূৰ্ণ আৰোগ্য হোৱাৰ পিছত আইচিইউৰ পৰা ওলাই আহিব তেওঁ।  লতা মংগেশকাৰৰ মুখপাত্ৰ অনুষা শ্ৰীনিবাসন আয়াৰে এক বিবৃতিত কৈছে যে লতা দিদি ড০ প্ৰথা সম্দানী আৰু তেওঁৰ দলৰ তত্বাৱধানত আছে। চিকিৎসকে নিশ্চিত কৰিব বিচাৰে যে তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হয়, তেতিয়াহে তেওঁক আইচিইউৰ পৰা বাহিৰলৈ অনা হ’ব। সকলোৱে যেন ঈশ্বৰক আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে আৰু ঘৰলৈ উভতি আহে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ৮ জানুৱাৰীৰ পৰা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি হৈ আছে।  তেওঁক চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল য’ত ৮ জানুৱাৰীত ক’ৰোনা পজিটিভ হোৱাৰ পিছত আৰু নিউমোনিয়াত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰিছিল চিকিতসকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme