ডিজিটেল ডেস্কঃ ১৯ নৱেম্বৰত নতুন কিবা নতুন কামৰ কথা ভাৱিছে নেকি? যদিহে ভাৱিছে সকলো কাম পাৰিলে দিনৰ ১বজাৰ আগেয়েই সমাপন কৰিবলৈ চেষ্টা কৰক, কিয়নো ১৯নৱেম্বৰৰ দিনৰ ১.৩০বজাৰ পৰা আৰম্ভ হব চন্দ্ৰগ্ৰহণ৷ বছৰৰ আটাইতকৈ দীৰ্ঘতম এই চন্দ্ৰগ্ৰহণত চন্দ্ৰ প্ৰায় ৯৭শতাংশ অদৃশ্য হৈ পৰিব৷ মহাকাশীয় ইতিহাসত এয়া হৈছে বিৰল ঘটনা৷ আজিৰে পৰা (৮নৱেম্বৰ,২০২১) প্ৰায় দুসপ্তাহৰ পিছত এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হব বিশ্ববাসী৷
চন্দ্ৰগ্ৰহণৰ সময়চোৱাত চন্দ্ৰ সম্পূৰ্ণৰূপে ৰঙা হৈ পৰিব৷ বিশ্বৰ কেইবাখনো দেশৰ পৰা দৃশ্যমান হব এই সূৰ্যগ্ৰহণ৷ ভাৰতৰো কেইবাখনো ৰাজ্যৰ পৰা এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হব৷ প্ৰাপ্ত তথ্য অনুসৰি, অসম, অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলে অধিক দৃশ্যমান হব এইবাৰৰ এই দীৰ্ঘতম সূৰ্যগ্ৰহণ৷ আমেৰিকাৰ ৫০খন ৰাজ্যৰ পৰাও দৃশ্যমান হব এই চন্দ্ৰগ্ৰহণ৷ অষ্ট্ৰেলিয়া, পূব এচিয়া আৰু উত্তৰ ইউৰোপীয় দেশসমূহৰ বাসিন্দাসকলেও দেখা পাব এই চন্দ্ৰগ্ৰহণ৷