ডিজিটেল ডেস্কঃ অহা ২১, ২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘লোক পৰম্পৰাক মুখ্য বিষয়বস্তু হিচাপে লৈ ‘লোকমন্থন: ২০২২’ ৰ আয়োজন কৰা হৈছে। এইবৰ্ষৰ লোকমন্থনৰ কাৰ্যসূচীক লৈ দেওবাৰে এখনি সংবাদমেল সম্বোধন কৰে আয়োজক মহলে। উল্লেখ কৰা প্ৰয়োজন যে, অসম পর্যটন উন্নয়ন নিগমৰ সহযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ (আই এফ এন ই) এই অনুষ্ঠানৰ স্থানীয় উদ্যোক্তা।
এই বছৰ গুৱাহাটীত ‘লোকমন্থন’ৰ তৃতীয়টো সংস্কৰণৰ আয়োজন কৰা হৈছে। উক্ত বৰ্ষৰ দ্বিবার্ষিক আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে লোকপৰম্পৰা (লোক পৰম্পৰা)। ইয়াৰ উপৰিও তিনিদিনীয়া অনুষ্ঠানত বিভিন্ন আলোচনা, অধ্যয়ন চক্র, সাংস্কৃতিক অনুষ্ঠান আৰু ৰাষ্ট্ৰৰ সমৃদ্ধিশালী বৈচিত্র্যতা প্ৰদৰ্শন কৰা হ’ব।
২২ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠানটোৰ এক উদ্বোধনী অধিৱেশনৰ আয়োজন কৰা হৈছে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰ অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। লগতে ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
২১ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত প্ৰদর্শনী তথা সাংস্কৃতিক অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰা হ’ব। সন্ধিয়াৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব অসম চৰকাৰৰ উদ্যোগ আৰু -বাণিজ্য বিভাগ, ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই, মণিপুৰ আৰু ৰাজ্যসভাৰ সদস্য মহাৰাজা লেইচেম্বা চানাজাওবা আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্রমুখ তীৰ্থাংক দাস কলিতাই।
২১ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰ, ২০২২ লৈকে প্ৰতি সন্ধিয়া উত্তৰ-পূব ভাৰতৰ কেইজনমান প্রসিদ্ধ সংগীতজ্ঞ যেনে মণিপুৰৰ জনপ্ৰিয় লোক দল মাংকা লাইহুই, নাগালেণ্ডৰ প্রখ্যাত সংগীত ভগ্নীদ্বয় টেটচিও চিষ্টাৰছ, অসমৰ জনপ্ৰিয় সংগীত শিল্পী কল্পনা পাটোৱাৰী, নীল আকাশ, দিক্ষু আৰু ময়ুৰী দত্তই মঞ্চৰ শোভা বৃদ্ধি কৰিব।
আজিৰ সংবাদমেলখনি সম্বোধন কৰে জে নন্দকুমাৰ, ৰাষ্ট্ৰীয় আহ্বায়ক, প্ৰজ্ঞা প্ৰৱাহ, ড০ গার্গী শইকীয়া মহন্ত, কাৰ্যকৰী সভাপতি লোকমন্থন, ড০ হীৰকজ্যোতি শৰ্মা, সাধাৰণ সম্পাদক, আই এফ এন ই। অনুষ্ঠানটো পৰিচালনাৰ দায়িত্বত আছিল লোকমন্থন, ২০২২ৰ যুটীয়া সম্পাদক সুৰঞ্জন দত্ত।