1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:43 am

মাকৰ ঘৰৰ পৰা নাহে পত্নী! লিংগকেই কাটি পেলালে মাধেপুৰৰ বাসুকীয়ে…

  • Update Time : Sunday, January 22, 2023

ডিজিটেল ডেস্কঃ  এই খবৰ সচাকৈ হতবাক হোৱাৰে খবৰ৷ উত্তৰ ভাৰতৰ বিহাৰত এগৰাকী লোকে চাঞ্চল্যকৰ কাণ্ড সংঘটিত কৰে। পত্নীয়ে দীৰ্ঘদিন ধৰি মাতৃৰ ঘৰৰ পৰা উভতি নহাত স্বামীয়ে খঙতে নিজৰ লিংগচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ পত্নী শহুৰৰ ঘৰৰ পৰা উভতি নহাৰ খঙতে লিংগ কাটি পেলায়। অবিশ্বাস্য যেন লাগিলেও কিন্তু এইবাৰ ঠিক এইটোৱেই ঘটিছে।

বিহাৰৰ মাধেপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজনী নয়ানগৰ অঞ্চলত সংঘটিত হৈছে এই কাণ্ড। ২৫ বছৰীয়া বাসিন্দা কৃষ্ণ বাসুকীয়ে শুকুৰবাৰে নিশা এই অপৰাধ সংঘটিত কৰে। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও শাৰীৰিক অৱস্থা স্থিৰ বুলি জানিব পৰা গৈছে। পৰিয়ালৰ সদস্যসকলে কৃষ্ণৰ মানসিক সমস্যাত ভূগি আছে বুলি কয়৷

কৃষ্ণৰ পত্নীৰ নাম অনিতা। কৃষ্ণই পঞ্জাৱৰ মাণ্ডিত কৰ্মৰত আছিল। এনে পৰিস্থিতিত অনিতাৰ পিতৃৰ ঘৰ বিহাৰৰ গোৱালপাৰা আৰক্ষী থানাৰ অন্তৰ্গত মালোধেত। দম্পতীহালৰ চাৰিটা সন্তানো আছে। কৃষ্ণই দুমাহ পৰ্বে ৰজনী নয়ানগৰৰ নিজ ঘৰলে আহে। আত্মীয়সকলৰ মতে কৃষ্ণই ঘৰল অহাৰ সময়ত পত্নী অনিতা পিতৃৰ ঘৰলৈ যায়।

এনে পৰিস্থিতিত কৃষ্ণই ইমান দিন পত্নীক শহুৰৰ ঘৰত কথাটো মানি ল’ব নোৱাৰিলে। ফলস্বৰূপে খংত তীক্ষ্ণ অস্ত্ৰৰে লিঙ্গ কাটি পেলোৱাৰ সিদ্ধান্ত লয়। এই ঘটনাৰ পিছত কৃষ্ণক পৰিয়ালটোৱে ৰক্তক্ষয়ী আৰু উদ্বেগজনক অৱস্থাত উদ্ধাৰ কৰে। উদ্ধাৰ হোৱাৰ পিছত ততাতৈয়াকৈ ওচৰৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme