1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:15 pm

এফালে গনেশ দেৱৰ পূজা, আনফালে জয়মালাৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ…

  • Update Time : Wednesday, August 31, 2022

ডিজিটেল ডেস্কঃ  এফালে গনেশ দেৱৰ পূজা আনফালে জয়মালাৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ। অসমৰ জয়মালা নামৰ হাতীটোক তামিলনাডুৰ এটা মন্দিৰত মাউতে কৰা অত্যাচাৰৰ ফলত  মৃত্যুৰ ক্ষণ গণিছে।২০০৮ চনতে কাকপথাৰৰ পৰা জয়মালাক ৩ মাহৰ বাবে নিছিল যদিও ১৩ বছৰে বন্দী কৰি দিনৌ অত্যাচাৰ চলাই আছে জয়মালাৰ ওপৰত।প্ৰতিদিনেই নৃশংস অত্যাচাৰৰ বলি হৈ গগণ ফলা আৰ্তনাদত জীৱনৰ ক্ষণ খেদা হাতীটোৰ প্ৰতি টিল মানো হৃদয়ত পুতৌ জন্মা নাই অত্যাচাৰী মাউতৰ। ইতিমধ্যে ইয়াৰ এটা ভিডিঅও ভাইৰেল হৈছে।

জয়মালাক লৈ গণেশ চতুৰ্থীৰ দিনা ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈছে। আকাশীতৰা শইকীয়াই উক্ত বিষয়টোক লৈ লিখিছে- এফালে গনেশদেৱৰ পূজা আনফালে জয়মালাৰ ওপৰত নিৰ্বিচাৰ অতিচাৰ..🙁.এই হাজাৰ বিজাৰ পশুৰ বাবে লাগি থকা বুলি কোৱা সংগঠন বা মানুহবোৰে কিবা এটা কৰাটো উচিত সোনকালে.. কৰুনাহে ধৰ্ম..🙏🙏.চাকি..ধূপ জলোৱা ধৰ্ম সেয়ে কেতিয়াবাই বাদ দিলো..!!! How on earth this kind of brutality goes unnoticed for long??? Do we actually understand the essence of real Dharma???

উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যৰ বন বিভাগৰ সেউজ সংকেত আৰু উদ্যোগতে জয়মালাক ৬ মাহৰ বাবে তামিলনাডুৰ এটা মন্দিৰলৈ লীজত পঠিওৱা হৈছিল। লীজত দিয়া এই হাতীজনী ৬ মাহ উকলি যোৱাৰ পাছতো উভতাই অনা নহ’ল। ধৰ্মৰ নামৰ পূণ্য আৰ্জিবলৈ যোৱা মন্দিৰতেই তাৰ পাছত চলিল এই হাতীজনীৰ ওপৰত নিৰ্মম অত্যাচাৰ।

গণেশ চতুৰ্থীৰ দিনা জয়মালাৰ ওপৰত চলা অত্যাচাৰ ওৰ পৰাটো বিচাৰিছো সমগ্ৰ দেশবাসীয়ে…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme