1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:08 am

সফলতাঃ পুনৰ সোন আৰু ৰূপৰ পদক অসমলৈ আনিলে লাভলীনা আৰু অংকুশিতাই…

  • Update Time : Monday, December 26, 2022

ডিজিটেল ডেস্কঃ পুনৰ অসম কন্যাৰ সফলতাত গৌৰৱাম্বিত সমগ্ৰ অসম তথা দেশ।  ষষ্ঠ এলীট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অসমৰ লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৰ সফলতা।  প্ৰতিযোগিতাখনত লাভলীনাৰ উপৰিও প্ৰতিভাৱান বক্সাৰ অংকুশিতা বড়োৱেও প্ৰতিযোগিতাখনত লাভ কৰে ৰূপৰ পদক ।  প্ৰতিযোগিতাত ৭০ ৰ পৰা ৭৫ কেজি ওজন শাখাৰ মিডল ৱেইটৰ ফাইনেলত লাভলীনাই এছ এছ চি বিৰ অৰুদতি চৌধুৰীক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ।

মধ্যপ্ৰদেশৰ ভূপালত যোৱা ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ ডিচেম্বৰ, সোমবাৰে সামৰণি পৰে । আনহাতে ৬৩ ৰ পৰা ৬৬ কেজি ওজন শাখাৰ ৱেল্টাৰ ৱেইটৰ ফাইনেলত মধ্যপ্ৰদেশৰ মঞ্জু বাম্ববৰীয়াৰ বিৰুদ্ধে পৰাস্ত হৈ ৰূপৰ পদক অৰ্জন কৰে অংকুশিতা বড়োৱে ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme