ডিজিটেল ডেস্কঃ মিঞা কবিতা লিখি পদে পদে অসমীয়া জাতিক হিংস্ৰ, মানৱতাহীন বুলি প্ৰতিপন্ন কৰিব খুজিছিল৷ সমগ্ৰ অসমীয়া জাতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি মিঞা কন্যাক ধৰ্ষণ কৰা বুলি বিলাপ কৰিছিল একালৰ সংখ্যালঘূ ছাত্ৰ নেতা তথা বহু মিঞা কবিতা লিখা কবিয়ে৷ মিঞা কবিতা লিখি অসমীয়া জাতিক হিংস্ৰ জাতি হিচাপে প্ৰতিপন্ন কৰি কৰিবলৈ গৈ মিঞা কন্যাক ধৰ্ষণ কৰা বুলি জগতক জনাবলৈ বৃথা প্ৰয়াস কৰিছিল৷ প্ৰকৃততে অসমত ধৰ্ষণ কাণ্ড সংঘটিত কোনে কৰে সেই কথা অসমীয়া মানুহে জানে৷ অৰ্ণমাই বৰাৰ দৰে আদহীয়া শিক্ষয়িত্ৰীক নৈৰ পাৰত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল৷ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীৰ কিমান কন্যা কাৰ হাতত ধৰ্ষণৰ বলি হ’ল সেই কথা অসমৰ মানুহে জানে৷
কিন্তু ওলোটাই অসমীয়া জাতিক কাঠগঢ়াত তুলি BBC-অলজাজিৰাৰ দৰে সংবাদ সংস্থাত বাতৰি প্ৰচাৰ কৰি অসমীয়া মানুহক বদনাম কৰি হৈছিল৷ তেনেই দুগৰাকী কবি আছিল আশ্ৰাফুল হুছেইন আৰু কাজী নীল৷ আশ্ৰাফুল হুছেইনে অসমীয়া জাতিক অপমান কৰাত বদৰুদ্দিন আজমলে পুৰস্কাৰ প্ৰদান কৰি বিগত বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিত টিকট দি বিধায়ক নিৰ্বাচিত কৰি আনে৷ কিন্তু বিধায়ক নিৰ্বাচিত হৈও নিজকে শুধৰণি নকৰিলে আশ্ৰাফুলে৷ এইবাৰ হিন্দু কন্যাক অপহৰণ কৰি লাভ জেহাদৰ বৃহৎ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উঠিছে৷
নামনি অসমৰ মুছলমান অধ্যূষিত চেঙা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত আশ্ৰাফুল হুছেইনে সদায়েই হিন্দু বিৰোধী ভূমিকা গ্ৰহণ কৰি আহিছে৷ এইবাৰী বিধায়ক আৱাসৰ পৰা হিন্দু বিৰোধী সংগ্ৰামৰ আখৰা কৰিছে বিধায়ক আৱাসক৷ বৰপেটাৰ এগৰাকী চৰকাৰী চাকৰিয়ালৰ হিন্দু কন্যাক ৰিতুল হুছেইন নামৰ ড্ৰাগছৰ ব্যৱসায়ীয়ে গুৱাহাটীলৈ লৈ আহে৷ গুৱাহাটীলৈ আহি ৰুতিল আলীয়ে যুৱতীক চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসত দুদিন ধৰি ৰাখে৷ পিছত বিধায়ক আশ্ৰাফুলে ৰিতুল হুছেইন আৰু যুৱতীক দুখন টিকট কাটি দি ডিমাপুৰলৈ পঠিয়াই দিয়ে৷ ডিমাপুৰত যুৱতীক অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উঠিছে৷
ইপিনে প্ৰায় ৪৫ দিন পূৰ্বে এই কাণ্ড সংঘটিত হৈছিল৷ যুৱতীৰ পিতৃয়ে বৰপেটা আৰু দিছপুৰ আৰক্ষী থানাত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল যদিও আৰ৭ীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ যুৱতীৰ পিতৃ কমলপুৰ সমষ্টিৰ এটা চৰকাৰী কাৰ্যালয়ত কৰ্মৰত৷ সেয়েহে সমষ্ট ঘটনা কমলপুৰৰ বিধায়ক দিগন্ত কলিতাক অৱগত কৰে৷ আজি কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই এক সংবাদমেল যোগে অপহৰণ কাণ্ড পোহৰলৈ আনে৷ বৰপেটাৰ হিন্দু যুৱতীক ৰিতুল হুছেইনে অপহৰণ কৰিছিল৷
কিন্তু সকলো জানি শুনিও অপহৰণ সংঘটিত কৰা ৰিতুলক AIDUFৰ বিধায়ক আশ্ৰাফুল হুছেইনে নিজ আৱাসত আশ্ৰয় দিছিল কিয়৷ অপহৰণৰ আঁৰত ভুক্তভোগীৰ পিতৃয়ে এখন এজাহাৰত সকলো কথা স্পষ্টকৈ উল্লেখ কৰিছে৷ অপহৰণ কাণ্ডৰ অভিযোগ উত্থাপনৰ পিছতে আত্মগোপন কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনে৷ জ্যোতিস্মিতা কলিতা নামৰ যুৱতীক অপহৰণৰ অভিযোগৰ পিছতে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ এতিয়া প্ৰশ্ন হৈছে মিঞা কবিতা লিখি অসমীয়া জাতিক অপমান কৰি আশ্ৰাফুলে হিন্দু বিৰোধী এজেণ্ডা চলাইছে নেকি৷ আৰক্ষীৰ উচিত তদন্ততহে এই কথা পোহৰলৈ আহিব?