লালুৰ পুত্ৰক উপ-মুখ্যমন্ত্ৰী হিচাপে লৈ নীতিশ কুমাৰ অষ্টমবাৰৰ বাবে বহিল মুখ্যমন্ত্ৰীৰ গাদীত…
-
Update Time :
Wednesday, August 10, 2022
- অষ্টমবাৰৰ বাবে আজি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে নীতিশ কুমাৰে।
- আৰ জে ডিৰ নেতা ততা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে।
- এন ডি এৰ পৰা আঁতৰি অহা নীতিশ কুমাৰে বিহাৰত চৰকাৰ চলাই নিবলৈ আৰ জে ডি, কংগ্ৰেছৰ সৈতে মুঠ ৭ টা দলৰ সমৰ্থনত মৰ্চা গঠন কৰিছে।
- ৰাজ্যপালক ১৬৪ জন বিধায়কৰ সমৰ্থনৰ তালিকা দাখিল কৰে নীতিশ কুমাৰে।
- উল্লেখ্য যে বিহাৰ বিধানসভাত আছে ২৪২ খন আসন। সেই অনুসৰি চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১২২ জন সদস্যৰ সমৰ্থন।
- ১৬৪ জন বিধায়কৰ সমৰ্থন পোৱাৰ পিছতে নীতিশ কুমাৰ পুনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাট মুকলি হয়।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category