1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:39 am

লালুৰ আকৌ জেল যাত্ৰা!

  • Update Time : Tuesday, February 15, 2022

ডিজিটেল ডেস্কঃ পুনৰ কাৰাগাৰলৈ যাব পাৰে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱ৷ জামিনত মুকলি আকাশৰ তলত থাকিলেও লালুৰ পশু খাদ্য কেলেংকাৰী প্ৰসংগ পুনৰ সক্ৰিয় হৈছে৷ লালু প্ৰসাদ যাদৱৰ এই কেলেংকাৰীৰ শাস্তি কি হ’ব সেয়া আদালতে নিৰ্ধাৰণ কৰিব অহা ২১ফেব্ৰুৱাৰীত৷ এই কথা ইতিমধ্যে সদৰি কৰিছে আদালতে৷

উল্লেখ্য যে, ৯৫০ কোটি টকাৰ দেশৰ বহু চৰ্চিত পশুখাদ্য কেলেংকাৰী গোচৰৰ ৰায় মঙলবাৰে প্ৰদান কৰে। চিবিআইৰ এখন বিশেষ আদালতে আৰ জে ডিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱকে ধৰি ৭৫ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে। একে সময়তে এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত ২৪ জন লোকক নিৰ্দোষী বুলি ঘোষণা কৰিছে চি বি আইৰ বিশেষ আদালতে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে, লালু যাদৱক পশুখাদ্য কেলেংকাৰীৰ ৪ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme