1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:06 am

সাকাৰ হ’ল লখিমপুৰবাসীৰ সপোনঃ লখিমপুৰ মেডিকেল কলেজ আৰু হস্পাতাল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে…

  • Update Time : Tuesday, February 15, 2022

ডিজিটেল ডেস্কঃ লখিমপুৰ মেডিকেল কলেজ আৰু হস্পাতালৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়- ৫১৪ খন বিচনাৰ লগতে আনুসাংগিক আন্তঃগাঁথনি ,৮০ টা আই চি ইউ, ৭ টা OT ৰ ব্যৱস্থা কৰা হৈছে লখিমপুৰ মেডিকেল কলেজ আৰু হস্পাতালত ৷ ৫৮৯ কোটি খৰছ কৰি স্নাতকোত্তৰ মেডিকেল ক’লেজ কৰাৰ সপোন আছিল লখিমপুৰত৷ National medical councilৰ স্বীকৃতি পোৱাটো সহজ নহয়৷ এই সকলোবোৰৰ মাজত লখিমপুৰবাসীৰ সপোন আজি সাকাৰ হল৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ২০২২পৰা উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় ৰূপে নিৰ্মান হ’ব ৷ লখিমপুৰত বিশাল ক্ৰীড়া প্ৰকল্প হ’ব ৷ লখিমপুৰ কেন্সাৰ হস্পিতাল অচিৰেই মুকলি হ’ব৷ সৌন্দৰ্য আৰু নান্দনিক দৃষ্টিৰ পৰা লখিমপুৰ মেডিকেল ক’লেজ হাস্পতাল সৰ্বশ্ৰেষ্ঠ৷ তেওঁ কয়- Dental ক’লেজ আৰু BSE nursing college নিৰ্মাণ হ’ব লখিমপুৰত ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme