1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:56 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কোকৰাঝাৰত আটক তিনি গৰু চোৰ, ৰাইজৰ উত্তম-মাধ্যমত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ আটাইকেইটা চোৰক…

  • Update Time : Saturday, May 7, 2022

ডিজিটেল ডেস্কঃ কোকৰাঝাৰত দিনকদিনে বৃদ্ধি পাইছে পশুধন চুৰিৰ ঘটনা৷ জিলাখনৰ বিভিন্ন প্ৰান্তত পশুধন চুৰিৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে কালি নিশা কোকৰাঝাৰ জিলাৰ উজানপাৰা গাঁৱত তিনিটা চোৰে গোহালিৰ পৰা ম’হ চুৰি কৰি নিয়াৰ প্ৰচেষ্টা চলায়৷ নিশা প্ৰায় চাৰে দহ বজাত উজানপাৰা গাঁৱৰ কেংগুৰ বড়োৰ গোহালিৰ পৰা চোৰে ম’হ চুৰি কৰিবলৈ লওঁতেই হুলস্থুলৰ সৃষ্টি হয় আৰু ৰাইজে ঘেৰি ধৰি চোৰক আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে।

উজানপাৰা গাঁৱৰ কেংগুৰ বড়োৰ গোহালিৰ পৰা চোৰে ৰছী কাটি ম’হ চুৰি নিয়াৰ সময়তে গৃহস্থই দেখা পায়। চোৰক দেখি গৃহস্থই চোৰ, চোৰ বুলি চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়া অহাত আটক কৰিবলৈ সক্ষম হয় চোৰকেইটাক৷ ৰাইজে চৌদিশৰ পৰাই গাঁৱখন ঘেৰি ধৰি চোৰৰ সন্ধান কৰে আৰু গাঁৱখনৰ পৰা এটা চোৰক আটক কৰিছে। পলাতক আন দুজন চোৰৰ ভিতৰত এটাক পাশ্ববৰ্তী হীৰাপাৰা গাঁৱত আৰু আনটোক ভালুকঝোৰা গাঁৱত গঞা ৰাইজে আটক কৰিবলৈ সক্ষম হয়।

তিনিওটা চোৰকে ৰাইজে উত্তম-মাধ্যম সোধাই গুৰুতৰভাৱে আহত কৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে চোৰ তিনিটাক কোকৰাঝাৰ জিলাৰ ঘোৰামাৰাৰ ছালেক আলি, ৰফিকুল শ্বেখ আৰু আনটোক ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ সুৰত জামাল বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি তিনিওটা চোৰে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme