ডিজিটেল ডেস্কঃ বড়ো জনগোষ্ঠীৰ ধৰ্মগুৰু তথা সমাজ সংস্কাৰক মহাপুৰুষ গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ ১৬৩ তম জন্মজয়ন্তী আজি কোকৰাঝাৰ চহৰৰ দেৱৰগাওঁস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ উল্লেখ্য যে, বিটিআৰ চৰকাৰৰ উদ্যোগত প্ৰথম বাৰৰ বাবে আজি চৰকাৰীভাৱে আয়োজিত হোৱা গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ জন্মজয়ন্তী অনুষ্ঠান ৰাতিপুৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত যোগ-আহুতিৰে শুভাৰম্ভ কৰাৰ লগতে মহাপুৰুষ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ স্মৃতি যুগমীয়া কৰি তুলিবলৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত গুৰুজনাৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে৷
প্ৰমোদ বড়োই তেখেতৰ ভাষণত বড়ো সমাজত সংস্কাৰ অনাত গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ অৱদান প্ৰত্যেক বড়ো জনগোষ্ঠীৰ লোকে শ্ৰদ্ধাৰে সোঁৱৰণ কৰি অহা বুলি কয়৷ তেওঁ আজি গুৰুদেৱৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি দোঁহাৰি বিটিআৰ চৰকাৰে গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ আদৰ্শ আৰু ৰীতি নীতি প্ৰসাৰ কৰাত গুৰুত্ব দিব বুলি সদৰি কৰিছে৷ গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ জন্মথলী পৰ্বতঝোৰা মহকুমাত গুৰুজনাৰ স্মৃতি ৰক্ষাৰ্থে উন্নয়নমুলক প্ৰকল্পৰ কাম হাতত লোৱা হব বুলি সদৰি কৰি প্ৰমোদ বড়োই গুৱাহাটীৰ বাথৌপুৰীৰ বাথৌ প্ৰকল্পৰ উন্নয়নত অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে গুৰুত্ব দি বুলিও নিজৰ মন্তব্য আগবঢ়ায়৷
ইপিনে গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ জন্ম জয়ন্তীৰ সতে সংগতি ৰাখি আয়োজিত মুকলি সভাৰ উদ্বোধন কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই গুৰুদেৱ কালীচৰন ব্ৰহ্মই বড়ো সমাজখনক সংস্কাৰ আন্দোলন গঢ়ি জনগোষ্ঠীটোক নতুনত্ব অনাত এগৰাকী স্ৰষ্টাকাৰী মহাপুৰুষ আছিল আৰু তেখেতে যদি আমাৰ সমাজ সংস্কাৰ নকৰিলেহেতন তেন্তে আজিৰ দিনত আমাৰ সমাজ ধ্বংস হলহেতেন বুলি মন্তব্য কৰে৷ আনহাতে মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকি বড়ো জনগোষ্ঠীৰ কাৰনে আজিৰ দিনটো পবিত্ৰ দিন বুলি আখ্যা দিয়ে৷ কিয়নো আজিৰ এই মহান দিনটোতে গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ জন্ম হৈছিল ৷তেওঁ গুৰুদেৱ কালীচৰন ব্ৰহ্মই আজিৰ পৰা ১৫০ বছৰ আগতে বড়ো সমাজৰ ৰীতি নীতিক সংস্কাৰৰে জনগোষ্ঠীটোক নতুন পথ দেখুৱাইছিল বুলি কয়৷
তেখেতৰ কৰ্মৰাজিৰ বাবে বড়ো সমাজ শৃংখলাবদ্ধতাৰে আগবঢ়াৰ লগতে বৰ্তমান বড়ো জনগোষ্ঠীৰ আজিৰ অৱস্থাত থকা বুলি কৈ গুৰুদেৱৰ আদৰ্শৰে নৱ প্ৰজন্ম সকলক আগবাঢ়ি যোৱাৰ আহ্বান জনায়৷ উল্লেখ্য যে, মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়ায় গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ন্যাসৰ সভাপতি ড° অজিত বড়ো আৰু আদৰণি ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি তথা এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে৷ সভাত সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত সুৰত নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, বড়োলেণ্ড বিশ্বিবদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডুসিং আৰু বড়ো কছাৰী কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনেশ্বৰ বসুমতাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷