1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:10 am

হাম ৰহে য়া না ৰহে কল, কল য়াদ আয়েংগে য়ে পল… বিদায় কেকে

  • Update Time : Wednesday, June 1, 2022

ডিজিটেল ডেস্কঃ হাম ৰহে য়া না ৰহে কল, কল য়াদ আয়েংগে য়ে পল… কলকাতাৰ নজৰুল মঞ্চতো মৃত্যুৰ কিছু সময় পূৰ্বে কে কে পৰিবেশন কৰিছিল এই গীতটি। সংগীতৰ মানুহ, সংগীত পৰিবেশন কৰি কৰিয়েই চিৰ বিদায় মাগিলে কে কে অৰ্থাৎ কৃষ্ণকুমাৰ কুন্নাথে।

ভাৰতীয় সংগীত ক্ষেত্ৰখনলৈ এইয়া অন্য এক দুঃসংবাদ। মঙলবাৰে নিশা কলকাতা গুৰুদাস কলেজৰ এক অনুষ্ঠানত গীত পৰিবেশন সামৰিয়েই জীৱন নাটো সামৰিলে কেকে। অনুষ্ঠান চলি থকাৰ মাজতো বাৰে বাৰে ঘাম মচি কেকে অসুস্থতাৰ ইংগিত দিছিল। অসুস্থাৰ বাবেই স্পটলাইটো বন্ধ কৰি দিবলৈ কৈছিল কেকে। গীত গাই থকাৰ মাজতে অসুস্থ হৈ পৰা কেকেক ততাতৈয়াকৈ ডায়মণ্ড হাৰবাৰ ৰোডস্থিত এখন বেচৰকাৰী চিকিৎসালয়লৈ নিয়া হয়। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে।

দক্ষিণত জন্মগ্ৰহণ কৰা কেকে ডাঙৰ-দীঘল হৈছিল দিল্লীত। তেওঁৰ প্ৰথম এলবাম পল। যিয়ে তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছিল। হাম ৰহে য়া না ৰহে, য়াৰো দোস্তি ইত্যাদি গানে শ্ৰোতাৰ হৃদয়ত কাষ চপাই নিছিল কেকে ক। ৯০ দশকৰ পৰা মৃত্যুৰ আগলৈকে গীতেৰে অনুৰাগীক মোহাচন্ন কৰি ৰাখিছিল কেকেই। বন্ধুত্বই হওক বা প্ৰেম সকলোকেই কেকে গুৰুত্বসহকাৰে লৈছিল শিল্পীগৰাকীয়ে। ‘পল’ এলবামৰ প্ৰতিটো গীত নিজৰ পত্নীলৈ ডেডিকেট কৰিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে।

এটা জনপ্ৰিয় লাফটাৰ শ্ব’ত প্ৰেম তথা ব্যক্তিগত জীৱনৰ কথা স্বীকাৰ কৰিছিল কেকে৷ তেওঁ কৈছিল, ষষ্ঠ শ্ৰেণীৰ পৰা থকা বন্ধুত্বই প্ৰেমলৈ ৰূপান্তৰিত হৈছিল, তাৰ পিছত বিবাহ।। কেকেৰ পত্নীৰ নাম জ্যোতি লক্ষ্মী কৃষ্ণ৷ দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰী স্কুলত শিক্ষাজীৱনৰ পাতনি মেলা কেকেই দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মাল কলেজৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷

ইফালে সংগীতৰ ক্ষেত্ৰটো শিশু অৱস্থাৰ পৰাই জড়িত হৈ পৰিছিল কেকে। দ্বিতীয় শ্ৰেণীৰ পৰাই মঞ্চত গান গাবলৈ আৰম্ভ কৰিছিল তেওঁ। হিন্দীৰ উপৰিও, কেকে-য়ে তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী, বাংলা, গুজৰাটী চলচ্চিত্ৰতো গীত গাইছে এই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme