ডিজিটেল ডেস্কঃ গোপন প্ৰেমে পাব এক অন্য পৰিচয়! ফেব্ৰুৱাৰীতে বিয়াত বহিব প্ৰেমিক যুগল কিয়াৰা-সিদ্ধাৰ্থ। ইতিমধ্যে অতিথিৰ লিষ্ট সাজু কৰিছে দৰা-কইনাই। নতুন বছৰত ডুবাইত একান্তমনেৰে বহি বিয়াৰ সকলো প্ৰস্তুতি কৰিছে কিয়াৰা-সিদ্ধাৰ্থই।
তেওঁলোকৰ ঘনিষ্ঠ সূত্ৰৰ খবৰ অনুসৰি ২০২৩ৰ ৬ফেব্ৰুৱাৰীত বিয়াত বহিব তেওঁলোক। ৰাজস্থানৰ জয়ছলমেৰত বিয়াৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, চৰ্চা চলি থাকিলেও এতিয়ালৈকে কিয়াৰা-সিদ্ধাৰ্থে এই সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই। কিন্তু এটা কথা ঠিক এই বৰ্ষৰ ফেব্ৰুৱাৰীতে দুয়োজনৰ সম্পৰ্কই পাব নতুন পৰিচয়।