ডিজিটেল ডেস্কঃ মণিপুৰৰ শোকৱহ ঘটনাৰ পাছত পুনৰ এটা বেয়া খবৰ আহিল অসমলৈ। কেৰালাত সংঘটিত হোৱা এক বিস্ফোৰণত নিহত হৈছে অসমৰ দুগৰাকী লোকৰ। প্ৰাপ্ত খবৰ অনুসৰি উক্ত দুজন ব্যক্তি সম্পৰ্কত পিতা-পুত্ৰ। কেৰালাৰ কন্নুৰত সংঘটিত হোৱা এই ঘটনাৰ পাছতে বিস্ফোৰণৰ নিহত ২২ বছৰীয়া ছহিদুল হক আৰু ৪২ বছৰীয়া ফজল হকৰ ঘৰত শোকাকূল পৰিৱেশ বিৰাজ কৰিছে।
জানিব পৰা অনুসৰি, এটা পেলনীয়া বটল জমা কৰি ৰখা ঘৰত সংঘটিত হৈছে এই বিস্ফোৰণ সংঘটিত হৈছে। কিদৰে বিস্ফোৰণ সংঘটিত হ’ল এই বিস্ফোৰণ সেয়া এতিয়াও জানিব পৰা হোৱা নাই।