ডিজিটেল ডেস্কঃ দল গঠনৰ পিছত প্ৰথমবাৰ অসমলৈ আহিছিল অৰবিন্দ কেজৰিৱাল। কিন্তু অসমক লৈ যেন এতিয়া কেজৰিৱালৰ ধাৰণা স্পষ্ট নহয়। সেয়েহে হয়তো ভাষণৰ আৰম্ভণিতেই কেজৰিৱালে অসমৰ কৃষ্টি-সংস্কৃতিৰ গুৰিধৰোতা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাক অসমৰ সলনি পাঞ্জাৱৰ বুলি কলে। অৱশ্যে পিছ মূৰ্হুততে নিজৰ ভুল স্বীকাৰ কৰি কেজৰিৱালে শুধৰালে নিজৰ এই মন্তব্য।
সততে শিক্ষাৰ কথা কৈ থকা কেজৰিৱালে অসমৰ ইতিহাসৰ সম্পৰ্কত কম অধ্যয়ন অথবা ধাৰণা স্পষ্ট নথকাৰ বাবেই হয়তো এনে ভুল কৰিলে। জ্যোতি-বিষ্ণুক লৈ অসমে গৌৰৱ কৰে, তেনে ক্ষেত্ৰত প্ৰথমবাৰ অসমলৈ আহিয়ে ভাষণৰ প্ৰথমতেই এনে ভুল কৰাক লৈ এতিয়া বহুজনে কটাক্ষ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।
ইফালে বিৰোধী একাংশ নেতাইও অসমলৈ দ্বিতীয়বাৰ আহোতে কেজৰিৱালক ভালদৰে অসমৰ ইতিহাসৰ সন্দৰ্ভত হোমৱৰ্ক কৰি আহিবলৈও আহ্বান জনোৱা দেখা গৈছে।