1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:06 am

সকলোৱে প্ৰমাণ পালেঃ ৰাজনীতিৰ ভৱিষ্যত কোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাতকৈ কেচাঁ অৰবিন্দ কেজৰিৱাল…

  • Update Time : Thursday, December 8, 2022

ডিজিটেল ডেস্কঃ গুজৰাটত পুনৰ পদুম ফুলিল। জয়ৰ অভিলেখ ভংগ কৰি জয়ৰ নতুন অভিলেখ গঢ়িলে বিজেপিয়ে। অভিলেখ সংখ্যক আসন দখল কৰি গুজৰাটত নিজৰ প্ৰতিপত্তি বজাই ৰাখিবলৈ সক্ষম হোৱা বিজেপিয়ে মুঠ ১৫৬খন আসন লাভ কৰে। ইফালে প্ৰচাৰেৰে চমক সৃষ্টি কৰা আম আদমী পাৰ্টিয়ে মাত্ৰ ৫খন আসন লাভেৰেই সন্তুষ্ট থাকিবলগীয়া হয়।

গুজৰাটৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱালে বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।  কিন্তু গুজৰাটবাসীৰ মনত ঠাই লব নোৱাৰিলে। আনফালে দেখা গল যে, বিভিন্ন  নিৰ্বাচনক লৈ কেজৰিৱালে বিভিন্ন আগজাননী  দি আহিছিল যদিও গুজৰাটক লৈ এইবাৰ দিয়া আগজাননী চৰম ভুল হিচাপে বিবেচিত হয়। নিৰ্বাচনৰ আগত ১৫টাকৈ ৰেলী কৰা কেজৰিৱালে প্ৰচাৰৰ সময়ত লিখি দিছিল যে, এইবাৰ তেওঁঁলোকৰ ৩গৰাকী প্ৰাৰ্থীক কোনোপধ্যেই কোনো শক্তিয়ে পৰাজয় কৰিব নোৱাৰে। আনকি সেই ৩গৰাকী প্ৰাৰ্থীৰ নাম কাগজতো লিখি দিছিল কেজৰিৱালে।+

কিন্তু লক্ষ্যণীয়ভাৱে কেজৰিৱালে নাম লিখি দিয়া এই ৩গৰাকী প্ৰাৰ্থীৰে শোচনীয় পৰাজয় হয়। কেজৰিৱালে নাম লিখি দিয়া এই প্ৰাৰ্থীকেইগৰাকী আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদান গড়ৱী, আম আদমী প্ৰদেশ সভাপতি গোপাল ইটালিয়া আৰু পাটিদাৰ আন্দোলনৰ অন্যতম নেতা অপ্লেশ কাথিৰীয়া।  লজ্জাজনক ভাৱে এই আটাইকেইগৰাকী প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰাৰ্থীৰ সন্মুখত শোচনীয়ভাৱে পৰাজয়বৰণ কৰে।

প্ৰচাৰৰ সময়ত কেজৰিৱালে জয় নিশ্চিত বুলি নাম লিখি দিয়া এই তিনিগৰাকী নেতা ৫০হাজাৰো অধিক ভোটৰ ব্যৱধানত পৰাজয়বৰণ কৰিছে।  এই ফলাফলৰ পাছতে এতিয়া কেউফালে চৰ্চা হৈছে যে, ৰাজনীতিৰ ভৱিষ্যত নিশ্চিত কোৱাৰ ক্ষেত্ৰত কেজৰিৱাল এতিয়া কেঁচা হৈয়ে আছে। নেটিজেন সকলে  মন্তব্য কৰিছে যে, ৰাজনীতিৰ ভৱিষ্যত কোৱাৰ ক্ষেত্ৰত কেজৰিৱালতকৈ যথেষ্ট আগবাঢ়ি আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  সেয়া যি কি নহলেও, ৮ডিচেম্বৰৰ দিনটোত আপ ৰাষ্ট্ৰীয় দল হিচাপে বিবেচিত হোৱাটোও আপৰ বাবে  এটা বিশেষ সাফল্য।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme