ডিজিটেল ডেস্কঃ মনীষ চিচৌদিয়াৰ পাছত এইবাৰ জালত পৰিব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। সুৰা কেলেংকাৰী সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে অৰবিন্দ কেজৰিৱালকো জেৰা চলোৱাৰ সম্ভাৱনাই দেখা দিছে। এই সম্ভৱনাৰ কাৰন হৈছে, সুৰা কেলেংকাৰীৰ অভিযোগপত্ৰত অৰবিন্দ কেজৰিৱালৰ দুটা স্থানত নাম উল্লেখ আছে। কেৱল কেজৰিৱালেই নহয়, ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙকো জেৰা চলাব ইডিয়ে।
কেজৰিৱালকো ই ডিয়ে জেৰা চলোৱাৰ সম্ভাৱনাই দেখা দিয়াৰ অন্তৰালত মুখ্যত কাৰণ হৈছে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি এজন বিষয়াই দিয়া তথ্যত উন্মোচিত হৈছে, সুৰা কেলেংকাৰীৰ খচৰাৰ প্ৰতিলিপি মনিষ চিছোদিয়া আৰু সতীন্দ্ৰ জৈনৰ উপস্থিতিত কেজৰিৱালৰ ঘৰত প্ৰস্তুত কৰা হৈছিল।
সেয়া যি কি নহলেও, আম আদমী দলে এই সমগ্ৰ ঘটনাক বিজেপিৰ ষড়যন্ত্ৰ বুলি আখ্যা দিছে।