1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:31 am

খোলা অন্তৰৰ ভাইজান! কেটৰিণাৰ বিয়াত উপহাৰ দিলে ৩কোটিৰ টকাৰ বিলাসী বাহন…

  • Update Time : Monday, December 13, 2021

ডিজিটেল ডেস্কঃ বহুত চৰ্চিত বিকি-কেটৰিণাৰ বিয়া সুকলমে হৈ গল। ৰাজস্থান ৰাজকীয়ভাৱে সম্পন্ন হৈ বিবাহ অনুষ্ঠান। বিবাহ অনুষ্ঠান সম্পন্ন হলেও এতিয়াও বিয়াখনক লৈ চৰ্চা মাৰ যোৱা নাই। শেহতীয়াকৈ চৰ্চালৈ আহিছে কেটৰিণাৰ বিয়াত কি উপহাৰ দিলে চলমানে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চলমানে কেট আৰু বিকিক উপহাৰ দিলে এখন বিলাসী গাড়ী। ৰেঞ্জ ৰভাৰ বেণ্ডৰ এই গাড়ীখনৰ মূল্য প্ৰায় ৩কোটি বুলি জানিব পৰা গৈছে।

ইফালে কেটৰিণাৰ নাম সাঙুৰ খোৱা অভিনেতা ৰণবীৰ কাপুৰেও কেটৰিণাক দিলে বহুমূলীয়া বিয়াৰ উপহাৰ। ২.৭কোটি টকাৰ মূল্যৰ এটা হীৰাৰ চেইন বিয়াৰ উপহাৰ হিচাপে দিলে ৰণবীৰে। ইফালে আলিয়া ভট্টেও কেটক লাখটকীয়া পাৰফিউম উপহাৰ হিচাপে দিলে।

ইফালে চৰ্চালৈ অহা খবৰটো হৈছে, বিকি আৰু কেটৰিণাইও ইজনে সিজনক দিছে উপহাৰ। বিকিয়ে কেটক ১.৩কোটিৰ এটা আঙুঠি দিয়াৰ বিপৰীতে কেটে উপহাৰ  হিচাপে বিকিক দিছে ১৫কোটিৰ টকাৰ মূল্যৰ এটা বিলাসী ফ্লেট।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme