1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:31 pm

৩৬ঘন্টাত কাশ্মীৰত সেনাৰ গুলীত ৫সন্ত্ৰাসবাদী ধৰাশায়ী…

  • Update Time : Saturday, December 25, 2021

ডিজিটেল ডেস্কঃ  জম্মু-কাশ্মীৰত বিগত ৩৬ঘন্টাত সেনাৰ গুলীত নিহত হৈছে ৫টাকৈ সন্ত্ৰাসবাদী। কাশ্মীৰৰ ত্ৰাল, অৱন্তীপুৰা আৰু হাৰ্ডমিৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে এই ৫সন্ত্ৰাসবাদী। প্ৰথমে ত্ৰালত ২সন্ত্ৰাসবাদীক ধৰাশায়ী কৰাৰ পাছত ছপিয়ানত সেনাৰ গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী। উল্লেখ কৰা প্ৰয়োজন যে, বিগত দুটা দিনত তীব্ৰতৰ হৈছে সন্ত্ৰাসবাদ বিৰোধী অভিযান।

ইফালে শনিবাৰৰ দিনটোত বাতৰি লিখাৰ সময়তো অব্যাহত আছে অভিযান। স্থানীয় ৰাইজৰ সহযোগত কেইবাটাও  স্থানত সেনা আৰু আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিছে। ত্ৰাল, অৱন্তীপুৰা আৰু হাৰ্ডমিৰৰ কেইবাস্থানতো সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য আছে সেনাবাহিনীৰ হাতত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme