1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 2:04 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

‘বানমুক্ত অসম’ৰ দিশত আপোচবিহীন ভাৱে কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা…

  • Update Time : Friday, March 3, 2023

ডিজিটেল ডেস্কঃ  অসম চৰকাৰৰ জলসম্পদ  বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু বিধানসভা সমষ্টিৰ অন্তৰ্গত বি-ইংহই অঞ্চলত জিলাখনত কৰিবলগা জলসম্পদ বিভাগৰ চাৰিখন বান আৰু খহনীয়া নিয়ন্ত্ৰণ আঁচনিৰ শিলান্যাস কৰে ।
প্ৰায় ৩৬ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰিবলগা আঁচনিকেইখন শিলান্যাস কৰি উপস্থিত স্থানীয় ৰাইজক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই কয় যে বিগত বৰ্ষত হোজাই, ৰহা, কামপুৰ আদি অঞ্চলৰ লগতে পশ্চিম কাৰ্বি আংলঙৰো কেইবাটাও স্থানত কপিলী নদীৰ প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতি সাধন কৰিছিল । মুখ্যমন্ত্ৰী মহোদয়ে বানৰ সময়তে অঞ্চলসমূহ পৰিদৰ্শন কৰি বান নিয়ন্ত্ৰণৰ বাবে সম্ভৱপৰ সকলো কাম কৰিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক নিৰ্দেশ দিছিল ।

মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ আৰু সদিচ্ছাৰ বাবেই এইবাৰ জলসম্পদ বিভাগে বান নিয়ন্ত্ৰণৰ বহুকেইটা আঁচনি হাতত ল’ব পাৰিছে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে । মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাৰ বাবেই বিগত ডেৰ বছৰত জলসম্পদ বিভাগে কাৰ্বি আংলঙ স্বায়ত্বশাসিত অঞ্চলৰ জিলা দুখনলৈ প্ৰায় ৬০ কোটি টকাৰ পুঁজি মোকলাই দিব পাৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ৰাজ্যখনৰ সকলো অঞ্চলতে বান আৰু খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে আপোচবিহীন ভাৱে কাম কৰি আছে ।

আনহাতে প্ৰকৃতিৰ সৈতে যুঁজ কৰাটো সহজ নহয় যদিও বিভাগে আন্তৰিকতাৰে কৰি থকা বান নিয়ন্ত্ৰণৰ কামবোৰ সমাপ্ত হ’লে আগন্তুক দুই বছৰ মানৰ ভিতৰত ৰাজ্যখনৰ ৭০ শতাংশতকৈও অধিক পৰিমাণৰ বানপানী ৰোধ কৰিব পৰা যাব বুলি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগতে জলসম্পদ বিভাগৰ বাৰ্ষিক বাজেট ৩০০ ৰপৰা ৪০০ কোটি টকাৰ ভিতৰত থকাৰ বিপৰীতে ৰাজ্যখনত বান আৰু খহনীয়া নিয়ন্ত্ৰণত গুৰুত্ব প্ৰদান কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে বিগত বৰ্ষত জলসম্পদ বিভাগৰ বাবে প্ৰায় ১৭০০ কোটি টকাৰ আঁচনি মঞ্জুৰ কৰিছিল ।

আনহাতে আজিৰ অনুস্থানতে মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে অসমৰ উন্নয়নৰ বাবে কৰি থকা কামবোৰৰ বিষয়ে উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ অৰুণোদয়ৰ দৰে আঁচনি আমি আন কতো দেখিবলৈ নাপাও । বৰ্তমানৰ চৰকাৰখনৰ দিনত সম্পূৰ্ণ নিকা আৰু মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে নিযুক্তি লাভ কৰা কোনো এজন প্ৰাৰ্থীয়েই এটকাও কতো খৰচ নকৰাকৈ নিয়োজিত হৈছে । শিলান্যাস অনুষ্ঠানৰ আগতে মন্ত্ৰী হাজৰীকাই অঞ্চলটোৰ কেইবাস্থানতো কপিলী নদীৰ পাৰত জলসম্পদ বিভাগৰ অধীনত চলি থকা মথাউৰি সশক্তিকৰণৰ কাম পৰিদৰ্শন কৰে ।

আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হিৰেনসিং বে, বিধায়কত্ৰয় বিদ্যাসিং ইংলেং, ৰূপসিং তেৰাং, দৰসিং ৰংহাং, স্বায়ত্ব শাসিত পৰিষদৰ কেইবাজনো কাৰ্য্যবাহী সদস্য উপস্থিত থাকে ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme