ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ হোৱাৰ মন মেলিছে নেকি কমেডিয়ান কপিল শৰ্মাই ! বিগত দিনকেইটাত প্ৰতিটো দিনতে নতুন নতুন বিৰ্তকত নাম সাঙুৰ খোৱা কপিল শৰ্মাক এইবাৰ টুইটাৰত আন এটা কথাত লক্ষ্য কৰি ললে নেটিজেন সকলে। পঞ্জাৱৰ নৱাগত মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ এটা ভিডিঅ কপিল শৰ্মাই শ্বেয়াৰ কৰাক লৈ এই নতুন বিৰ্তকৰ সূচনা হৈছে।
দৰাচলতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যখন দুৰ্নীতিমুক্ত কৰা হব বুলি এক ভিডিঅ বাৰ্তা ৰাজ্যবাসীৰ বাবে ছচিয়েল মিডিয়াত মুকলি কৰিছিল। এই ভিডিঅটো কপিল শৰ্মাই শ্বেয়াৰ কৰিছিল আৰু কেপশ্যনত লিখিছিল আপোনাক লৈ গৌৰৱ কৰো পাজী।
এই ৰিটুইটৰ পিছতে নেটিজেনসকলৰ লক্ষ্য হৈ পৰে কমেডিয়ানগৰাকী । বহুতে তেওঁক ঠাট্টা কৰি কয়- ৰাজ্যসভাৰ আসনখনৰ বাবেই এনেদৰে তৈলমৰ্দন কৰিছে নেকি মুখ্যমন্ত্ৰী। কেইবাজনো নেটিজেনক উত্তৰো দিছে কপিল শৰ্মাই। তেওঁ উত্তৰ দি কৈছে- মোৰ তেনেকুৱা একো এজেণ্ডা নাই। যদিহে আপোনালোকৰ চাকৰিৰ কথা পাতিব লাগে তেন্তে মই কথা পাতি দিব পাৰো।
উল্লেখ কৰা প্ৰয়োজন যে, বিগত দিনকেইটাত কাশ্মীৰ ফাইলছ ছবিখনক লৈ নেটিজেনসকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল কপিল।