1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:07 pm

বিজ্ঞানীয়ে শাৰী পিন্ধা দেখি কংগনা আচৰিত…

  • Update Time : Sunday, August 27, 2023

ডিজিটেল ডেস্কঃ ইছৰোৰ মহিলা বিজ্ঞানীসকল শেহতীয়াকৈ নিজৰ বেশ-ভূষাৰ বাবে চৰ্চালৈ আহিছে। ভাৰতীয় সভ্যতা-সংস্কৃতি ৰক্ষা কৰিও কিদৰে বৈজ্ঞানিক মানসিকতাৰে কাম কৰিব পাৰি তাৰ জলন্ত উদাহৰণ হৈছে ইছৰোৰ মহিলা বিজ্ঞানীসকল। এই মহিলা বিজ্ঞানীসকলক লৈ শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰানাৱটে নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

কংগনা ৰাণাৱটে মত প্ৰকাশ কৰিছে যে, ভাৰতৰ এইসকল মহিলা বিজ্ঞানীৰ সৰলতা দেখি মুগ্ধ হলো। সকলোৰে পিন্ধনত শাৰী, কপালত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ দেখি মই অভিভূত হৈ পৰিলো। আচলতে এইসকলহে আচল ভাৰতীয় মহিলা।

উল্লেখ কৰা প্ৰয়োজন যে, চন্দ্ৰযান-৩ৰ বেছিভাগ বিজ্ঞানীয়েই আছিল মহিলা। আৰু তাৰ ভিতৰত সৰহভাগেই হৈছে দক্ষিণ ভাৰতৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme