1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

কামত NO বাহানাঃ কঠোৰ মন্ত্ৰী পীয়ুষ হাজৰিকা…

  • Update Time : Wednesday, March 8, 2023

ডিজিটেল ডেস্কঃ জলসম্পদ বিভাগৰ কামক লৈ সদায়ে সচেতন হৈ থকা মন্ত্ৰীয়ে এইবাৰ যেন কাম নকৰা ঠিকাদাৰক দিলে শেষ সকিয়নী।  প্ৰায়ে সকলো কাম ঠিকাদাৰক নিয়াৰিকৈ কৰিবলৈ আহ্বান জনাই অহা মন্ত্ৰীগৰাকীয়ে এইবাৰ অধিক কঠোৰ হৈ কলে-  ৩ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিম বুলি যিসকল ঠিকাদাৰে লিখি দি কাম লৈছে সেইসকলে ৩ মাহৰ ভিতৰতে কাম সম্পূৰ্ণ কৰিব লাগিব। নকৰিলে ঠিকাদাৰৰ বিপদ হ’ব।

পীয়ুষ হাজৰিকাই লগতে কয় যে, সময়ৰ কাম সময়ত হব লাগিব। কামৰ ক্ষেত্ৰত কোনো বাহানা নচলিব। বাৰিষা কাললৈ ৰৈ জনগণে যাতে হাৰাশাস্তি নাপায়, সেই সময়লৈ আমি ৰৈ থাকিব নোৱাৰো। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও জলসম্পদ বিভাগৰ ঠিকাদাৰৰ লগতে বিষয়া-কৰ্মচাৰী সকলক সুচাৰুৰূপে সকলো কাম কৰিবলৈ কৈ আহিছে মন্ত্ৰীগৰাকীয়ে।

এতিয়া সময়হে কব যে মন্ত্ৰীগৰাকীৰ এই ধমকত ঠিকাদাৰসকলে বাকী থকা কাম কিমান সময়ত কৰি শেষ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme