1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:26 pm

কমলা হেৰিছ আমেৰিকাৰ ফাৰ্ষ্ট লেডী! ঘোষণা ৰাষ্ট্ৰপতি জ’ বাইডেনৰ…

  • Update Time : Thursday, March 17, 2022

ডিজিটেল ডেস্কঃ কমলা হেৰিছ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি। কমলা হেৰিচেই প্ৰথমগৰাকী ভাৰতীয়মূলীয় উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা ইকুৱেল পে ডে সভাত আয়োজন কৰা বক্তৃতানুষ্ঠানৰ এখন সভাত, ৰাষ্ট্ৰপতি জ’ বাইডেনে কমলাক ফাৰ্ষ্ট লেডী বুলি সম্বোধন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণ ইতিমধ্যেই সমগ্ৰতে ভাইৰেল হৈ পৰিছে।

কমলাৰ স্বামী ডগ হেমহফ কভিডত আক্ৰান্ত হৈ থকাৰ বাবে এই বিশেষ অনুষ্ঠানত কমলা উপস্থিত নাছিল। কমলাৰ অনুপস্থিতিৰ কথা ক’বলৈ গৈয়েই ফাৰ্ষ্ট লেডী বুলি কমলাক সম্বোধন কৰে ৰাষ্ট্ৰপতি বাইডেনে।

ভাষণত বাইডেনে কৈছে, মঞ্চত বহাৰ যি ব্যৱস্থাপনা আছে তাৰ কিছু সালসলনি হ’ব। আমাৰ ফাৰ্ষ্ট লেডী কমলাৰ স্বামী কভিডত আক্ৰান্ত হৈছে। সেয়ে সামাজিক দূৰত্ব বৰ্তাই বহাটো জৰুৰী। বাইডেনৰ এই ঘোষণাৰ পিছতেই উপস্থিত দৰ্শকৰ মনত সৃষ্টি হৈছে ভিন্ন প্ৰশ্নৰ।

বাইডেনে এই ঘোষণা কৰাৰ সময়ত বাইডেনৰ পত্নী ফাৰ্ষ্ট লেডী জীল বাইডেনো সেই সভাকক্ষত উপস্থিত আছিল। পত্নীৰ সেমেকি উঠা মুখখন দেখি বাইডেনে লগে লগেই প্ৰসংগ সলনি কৰে। বাইডেনে কয়, ‘কথাৰ খেলিমেলি হোৱাটো মোৰ এক বেমাৰেই। ভুলকৈ কোৱাৰ বাবে মোক ক্ষমা কৰিব।’

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme