ডিজিটেল ডেস্কঃ ৰাইজৰ দলৰ প্ৰতি মোহভংগ হৈ কমল কুমাৰ মেধিয়ে এৰিলে সদস্য পদ। অখিল গগৈৰ অতি ঘনিষ্ঠ কমল কুমাৰ মেধিয়ে যোৱা ১২এপ্ৰিলতে ৰাইজৰ দল এৰিছিল আৰু পদত্যাগ পত্ৰ নেতৃ্ত্বক দিছিল। কিন্তু নেতৃত্বই গ্ৰহণ কৰা নাছিল পদত্যাগ পত্ৰ। কমল কুমাৰ মেধিয়ে পদত্যাগৰ সমগ্ৰ পৰিস্থিতি সাঙুৰি সামাজিক মাধ্যমত লিখিছে এটা বিশেষ পোষ্ট।
পোষ্টটোত উল্লেখ থকা কথা খিনি হৈছে- ‘ৰাইজৰ দল’ৰ পৰা যোৱা ১২ এপ্ৰিলতে পদত্যাগ কৰিছিলোঁ ৷ কিন্তু এই কথাটো মই সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰচাৰ কৰা নাছিলোঁ ৷ তাৰ কাৰণটো আছিল- মোৰ পদত্যাগৰ বিষয়টো দলৰ বাবে এটা নেতিবাচক ইছ্যুত পৰিণত নহওক ৷ মই মনে মনে আঁতৰি দিম, দিন যোৱাৰ পিছত মানুহে গম পালেও দলৰ একো ক্ষতি নহয় তেতিয়া ৷ মোৰ মনৰ ভিতৰত থকা অভিযোগবোৰো আৰু ৰাজহুৱা নকৰোঁ, যদিও ক’বলৈ বহু কথাই আছে ৷ মই সম্পূৰ্ণ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছিলোঁ ৷
কালি আৰু আজি দলৰ কেন্দ্ৰীয় কৰ্ণধাৰ আৰু বিষয়ববীয়াৰ সভা আছিল ৷ মই যিহেতু পদত্যাগ কৰিছিলোঁ, গতিকে মই মিটিঙলৈ যোৱাৰ প্ৰশ্নই নুঠে ৷ কিন্তু কালিৰ কৰ্ণধাৰ সমিতিৰ সভাই মোৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় আৰু সভাৰ শেষত সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত কৰ্ণধাৰ সমিতিখন আমাৰ ঘৰলৈ আহে ৷ তেওঁলোকে মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ নকৰাৰ প্ৰস্তাৱটো সন্দৰ্ভত মোক জনায় আৰু পিছদিনাৰ অৰ্থাৎ আজিৰ বিষয়ববীয়াৰ সভাত উপস্থিত থাকিবলৈ কয় ৷ দলৰ সভাপতিকে ধৰি কৰ্ণধাৰ সমিতিৰ মাননীয় সদস্যসকলৰ এই আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ বিষয়ববীয়াৰ সভাত সৌজন্যতাৰ খাটিৰত উপস্থিত হওঁ ৷ লগতে মই এই কথাও স্পষ্ট কৰি দিওঁ যে সভাপতিকে ধৰি কৰ্ণধাৰৰ সদস্যসকলৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ সভাত উপস্থিত হৈছোঁ যদিও মই পদত্যাগ পত্ৰখন প্ৰত্যাহাৰ নকৰোঁ ।
মই ভাবি আছিলোঁ যে সভাত বিশেষ বক্তব্য নিদিয়াকৈ কিছু সময় বহি সভাপতিক মাত লগাই মই উঠি আহিম ৷ কিন্তু সেই সময়তে এটা বিষয়ক লৈ একপ্ৰকাৰ বিতৰ্ক আৰম্ভ হৈছিল ৷ এগৰাকী নেতাই বিষয়টো সন্দৰ্ভত অলপ বেলেগকৈ ব্যাখ্যা আগবঢ়াই থকাত মই আচল কথাটো সভাত উল্লেখ কৰি দিলোঁ ৷ লগে লগে বিষয়টোক লৈ যুক্তি-তৰ্ক আৰম্ভ হ’ল ৷ একেলগে কেইবাজনেও ঠিয় হৈ ক’বলৈ ধৰিলে ৷ তাৰপিছত সেই নেতাই এইবাৰ মোক উদ্দেশ্যি ক’বলৈ ধৰিলে যে মই হেনো বিজেপিৰ এজেণ্ট হৈ সভাত গণ্ডগোল লগাই দিছোঁ ৷ মই বোলো কোনো কাৰণ নোহোৱাকৈ মই যদি বিজেপিৰ এজেণ্ট হ’ব পাৰোঁ- তেন্তে আপুনি এআইইউডিএফ বা অলকায়দাৰ এজেণ্ট ৷ তাৰপিছত… তাৰপিছৰখিনি পিছত ৷ আজি আৰু একো নকওঁ ৷
দলৰ পৰা পদত্যাগ কৰিও দলৰ ক্ষতি নহওক বুলি মই কৰি অহা আচৰণ বুজি নোপোৱা সকলক মই ছাগৈ অপাত্ৰত দান দিয়াৰ দৰে হৈছে ৷ গতিকে এইকেইদিন গোপনে ৰখা খবৰটো পৰিস্থিতিয়ে ফাদিল কৰিবলৈ বাধ্য কৰালে ৷ ‘ৰাইজৰ দল’ৰ নিষ্ঠাবান কৰ্মীসকললৈ ক্ষমা প্ৰাৰ্থনা ! ( লগতে এইটোও জনাই থওঁ যে বেলেগ কোনো দললৈ যোৱাৰ কোনো পৰিকল্পনা মোৰ নাই ৷ )
উল্লেখ কৰা প্ৰয়োজন যে, কমল কুমাৰ মেধি অখিল গগৈৰ কিছু আচৰণৰ প্ৰতি অসন্তুষ্ট হৈ দল এৰা বুলিও চৰ্চা হৈছে।