ডিজিটেল ডেস্কঃ কলিয়াবৰত বুধবাৰে পৃথকে পৃথকে সংঘটিত হয় দুটিকৈ পথ দুৰ্ঘটনা ৷ কলিয়াবৰৰ বৰালীগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় প্ৰথমটো দুৰ্ঘটনা।
ডাম্পাৰে মহতিয়াই নিলে এখন ৱেগনাৰক। ৱেগনাৰক চোঁচৰাই নি ডিভাইদাৰৰ ওপৰত উঠিল ডাম্পাৰখন। কথমপি প্ৰাণৰক্ষা ৱেগনাৰখনৰ চাৰিজন আৰোহীৰ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰখনৰ চালকৰ। ডাম্পাৰ খনৰ নম্বৰ আৰ জে ০৭ জি ডি ২১০ আৰু ৱেগনাৰৰ নম্বৰ এ এছ ১৩ এক্স ২৮৭ । একে দিশতে আহি আছিল দুয়োখন বাহন।
ৱাগনাৰখনৰ পিছফালে খুন্দিয়াই চোঁচৰাই নিয়ে ডাম্পাৰখনে। আনহাতে কলিয়াবৰৰ উলুৱনীত বুধবাৰে সংঘটিত হয় আন এটি পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰিল হুণ্ডাই আই ২০।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ আৰ ০১ জে ০১৯৬ । দৈব্যক্ৰমে ৰক্ষা পৰে বাহনখন আৰোহী। ৩৭নং(ক) ৰাষ্ট্ৰীয় ঘাইপথৰ উলুৱনী দলঙৰ ওপৰতে এই দুৰ্ঘটনা। বুধবাৰৰ দিনটোত কলিয়াবৰত এইটো দ্বিতীয়টো পথ দুৰ্ঘটনা l