ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হৈছে গুলিয়াগুলীৰ ঘটনা। শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, এই সংঘৰ্ষ আলফা স্বাধীন আৰু সেনা-আৰক্ষীৰ মাজত সংঘটিত হৈছিল। এই সংঘৰ্ষত এগৰাকী আলফা স্বাধীনৰ সদস্য নিহত হোৱাৰ খবৰ আহিছে। কাকপথাৰৰ দ’ পথাৰৰ মাজগাঁৱত এই ঘটনা সংঘটিত হৈছিল।
উল্লেখ্য যে, উক্ত অঞ্চলটোত ৪জনীয়া এটা আলফা স্বাধীনৰ দলে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি আৰক্ষী আৰু সেনাই অভিযান চলাইছিল। ভোলা চাংমাই নামৰ এগৰাকী লোকৰ ঘৰত দলটোৱে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি অভিযান চলোৱাৰ সময়তে এই গুলীয়াগুলিৰ ঘটনা সংঘটিত হয়।
আৰক্ষীয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, এই দলটোত আছিল ৰিংকু অসম, উদয় অসম, আৰু মৃগাংক অসমকে ধৰি চাৰি গৰাকী আলফা স্বাধীনৰ সদস্য।