1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:15 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

একো নাই বুলি দুখত নাথাকিব! খালী ভৰিৰে স্কুললৈ যোৱা ল’ৰাটো আজি কি পদবীত আছে জানিলে আপুনি হ’ব আচৰিত…

  • Update Time : Wednesday, April 13, 2022

ডিজিটেল ডেস্কঃ চেষ্টাৰ অসাধ্য নাই, নিজৰ কৰিবলগীয়াখিনি নিষ্ঠাৰে সম্পাদন কৰি গলেই এদিন সফলতাই চৰণ চুমিব। এই কথাই যেন প্ৰমাণ কৰিলে ইছৰ’ৰ অধ্যক্ষ কে শিৱনে। এজন খেতিয়কৰ পুত্ৰ হৈ কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে চৰকাৰী বিদ্যালয়ত পঢ়াশুনা কৰি বিশ্বৰ আগশাৰীৰ এটা মহাকাশ সংস্থাৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হোৱাতো মামুলি কথা নহয়।

দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ প্ৰান্তীয় জিলা কন্যাকুমাৰীৰ চাৰাক্কালভিলাই গাৱঁৰ এটা খেতিয়কৰ পৰিয়ালত জন্ম হৈছিল কে শিৱানৰ। তেওঁৰ সম্পূৰ্ণ নাম আছিল কৈলাশাভাদীভু শিৱান। ১৯৫৭ চনৰ ১৪ এপ্ৰিলত জন্ম হোৱা শিশুটিক পৰিয়ালৰ সকলো লোকে নাম দিছিল শিৱান। প্ৰাৰম্ভিক শিক্ষা তেওঁৰ চৰকাৰী স্কুলত তামিল মাধ্যমত আৰম্ভ হৈছিল। পঢ়াৰ সমান্তৰালভাৱে পিতৃৰ সৈতে খেতিৰ কামো কৰিছিল শিৱানে। পঢ়াত ভাল আছিল শিৱন, পৰিয়ালৰ লোকেও শিৱনৰ পঢ়াৰ প্ৰতি আগ্ৰহ দেখি সকলোপ্ৰকাৰে উৎসাহিত কৰিলে তেওঁক।

আৰ্থিকভাৱে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সত্ত্বেও শিৱনে নাগেৰকোৱেলৰ এছ টি হিন্দু কলেজৰ পৰা গণিতত অনাৰ্চ লৈ বি এছ চি সাং কৰে। বি এছ চিত তেওঁৰ ১০০ শতাংশ নম্বৰেৰ উৰ্ত্তীণ হৈছিল। পিছলৈ ১৯৮০ চনত শিৱান মাদ্ৰাজ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা এৰ’নেটিক্স ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তেওঁৰ পৰিয়ালৰ প্ৰথম স্নাতক আছিল। ১৯৮২ চনত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৰ পৰা এৰস্পেচ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

এৰ’স্পেচ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাচত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত হৈ পৰে। ২০০৬ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বেৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। লাহে তেওঁৰ কৰ্মই ইছৰত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয়। ২০১১ চনত তেওঁ জি এছ এল ভি প্ৰকল্পৰ নিৰ্দেশক হিচাপে নিযুক্তি লাভ কৰে।

ইছৰলৈ তেওঁৰ যোগদানৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত চনত বিক্ৰম সাৰাভাই স্পেচ চেন্টাৰৰ নিৰ্দেশক হিচাপে নিযুক্তি দিয়া হয়। অৱশেষত ২০১৮ চনত ১৫ জানুৱাৰীত কে শিৱানক ইছৰৰ অধ্যক্ষ আসনত অধিষ্ঠিত হয়। তেওঁ ইণ্ডিয়ান নেচনেল একাডেমী অফ ইঞ্জিনীয়াৰিং, এৰ’নটিকেল ছচাইটি অফ ইণ্ডিয়া আৰু চিষ্টেম ছচাইটি অফ ইণ্ডিয়াৰো সন্মানীয় সদস্য।

১৯৮২ চনত ইছৰৰ সৈতে চামিল হোৱাৰ পাছত কে শিৱান সকলো অভিযানৰ সৈতে ওতঃপোত ভাৱে জড়িত আছে। ৰকেট নিৰ্মাণকাৰী বিক্ৰম সাৰাভাই স্পেচ চেন্টাৰৰ নিৰ্দেশক হিচাপে যোগদান কৰাৰ পাচত পি এছ এল ভি, জি এছ এল ভিৰ দৰে ৰকেট উৎক্ষেপনৰ সৈতে জড়িত আছিল কে শিৱান। ভাৰতৰ মহাকাশ অভিযানত নিম্নতাপ ৰকেট ইঞ্জিনৰ উন্নয়ন সাধন কৰাৰ বাবে তেওঁক “ৰকেট মানৱ” বুলিও অভিভিত কৰা হয়। ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত ভাৰতে ১০৪ টা উপগ্ৰহ প্ৰক্ষেপন কাৰ্যসূূচীতো কে শিৱন ভূমিকা আছিল উল্লেখনীয়।

আৰ্থিক অভাৱৰ মাজতেই ভৱিষ্যতৰ ৰঙীণ সপোন দেখিছিল কে শিৱনে। খেতি পথাৰত কোনো শ্ৰমিকক নিয়োগ কৰিবৰ বাবে পিতৃৰ সামৰ্থ নাছিল বাবেই পৰিয়ালৰ সকলোৱে কাম কৰিছিল পথাৰত। শৈশৱৰ সেই জীৱনক সোৱঁৰি কে শিৱানে বহু সাক্ষাৎকাৰত কৈছে- মোৰ শৈশৱ বিনা জোতা আৰু চেণ্ডেলেৰেই অতিবাহিত হৈছিল। অশেষ কষ্টৰ মাজেৰে সফলতাৰ দুৱাৰত ভৰি থোৱাৰ পাচত কে শিৱানে আৰ পাচলৈ ঘূৰি চাব লগা হোৱা নাই। মহাকাশৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ লাভ কৰিছে বহু বঁটা, সন্মান।

কে শিৱানে লাভ কৰা বঁটা আৰু সন্মান সমূহঃ

শ্ৰী শ্ৰী ঔম আশ্ৰম প্ৰেৰিত ডঃ বিক্ৰম সাৰাভাই গৱেষণা বঁটা (১৯৯৯)

ইছৰ’ মেৰিট এৱাৰ্ড (২০০৭)

ডঃ বীৰেন ৰায় মহাকাশ বিজ্ঞান বঁটা (২০১১)

সত্যভামা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰ অফ চাইন্স ডিগ্ৰী (২০১৪)

দিষ্টিংগুইছদ এলুমনাচ এৱাৰ্ড ফৰ্ম এমআইটি এলুমিনি এছ’চিয়েচন, চেন্নাই

দিষ্টিংগুইছদ এলুমনাচ এৱাৰ্ড ফৰ্ম ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স, বেংগালুৰু (২০১৮)

তামিল নাডু চৰকাৰৰ ডঃ এ পি জে আব্দুল কালাম বঁটা (২০১৯)

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme