1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 3:58 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

নিশা ১২.২১ৰ লৈকে অনলাইনঃ গাড়ীখন লৈ অকলে ওলাই গৈছিল জোনমণি, তাৰ পিছত… (সবিশেষ)

  • Update Time : Tuesday, May 16, 2023

ডিজিটেল ডেস্কঃ জোনমণি ৰাভাৰ মৃত্যুুৰ পাছতে বহু  ন ন তথ্য পোহৰলৈ আহিছে।  কি কাৰনত গভীৰ নিশা জোনমণি ৰাভা জখলাবন্ধাৰ ফালে গৈছিল সেয়াও এতিয়া ৰহস্যজনক এক বিষয় হৈ পৰিছে।  উল্লেখ কৰা প্ৰয়োজন যে, এটা বিশেষ অভিযোগৰ বাবে শলঠেকত পৰা জোনমণি ৰাভা পুনৰ চাকৰিত যোগদান কৰাৰ পাছতে যথেষ্ট সক্ৰিয়তাৰে কেইবাটাও বিশেষ অভিযান চলাইছিল। জোনমণি ৰাভাৰ এই সক্ৰিয়তাৰ কথা শেহতীয়াকৈ স্বীকাৰ কৰিছে এছ পি লীনা দলেও।

 

কিন্তু জোনমণিৰ এই মৃত্যুৰ পাছতে বহু তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। জোনমণিৰ এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ ৰাতিয়েই জোনমণিৰ কাহিলীপাৰাস্থিত ঘৰত চলিছিল আৰক্ষীৰ এক বিশেষ অভিযান। এই অভিযানত আৰক্ষীয়ে নগদ ১লাখ টকা জব্দ কৰিছিল জোনমণি ৰাভাৰ ঘৰৰ পৰা। পোহৰলৈ অহা তথ্য অনুসৰি, লখিমপুৰত জোনমণিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল। এই গোচৰত তেওঁৰ বিৰুদ্ধে অভিযোগ আহিছিল যে, তেওঁ ৬লাখ টকাৰ ঘোচ দাবী কৰিছে। ইয়াৰ কিছু ধন আগধন লোৱাৰ কথাও উল্লেখ কৰা হৈছে এজাহাৰখনত।

 

কেৱল এয়াই নহয়, শেহতীয়াকৈ এগৰাকী ফেচবুক পোষ্টৰ পৰা বহু কথা পোহৰলৈ আহিছে। নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে জোনমণিৰ নাম উল্লেখ নকৰাকৈ ফেচবুকত বহু গুৰুতৰ অভিযোগ উত্থাপন কৰাও দেখা গৈছে। অৱশ্যে সাংবাদিক গৰাকীয়ে উক্ত পোষ্টটোত জোনমণিৰ নাম উল্লেখ কৰা নাই।

 

কিন্তু সেয়া যি কি নহলেও,  জোনমণি ৰাভাৰ বিৰুদ্ধে পুনৰ উত্থাপন হোৱা এনে গুৰুতৰ অভিযোগে সমগ্ৰ ঘটনাক এক নতুন মূৰ প্ৰদান কৰিছে। তীব্ৰ মানসিক হেচাঁত জোনমণি ৰাভা অকলেই তীব্ৰ গতিত বাহন চলাই নিজে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিলে বুলিও এচামে সন্দেহ প্ৰকাশ কৰিছে। বহুতে দাবী কৰিছে যে, জোনমণি ৰাভাৰ শেহতীয়াকৈ ড্ৰাগছ আৰু অপৰাধীৰ বিৰুদ্ধে হোৱা সক্ৰিয়তাই কাল হল আৰু এই সক্ৰিয়তাৰ বাবেই দুষ্ট চক্ৰই ষড়যন্ত্ৰ কৰি জোনমণিক এনেদৰে ৰহস্যজনকভাৱে হত্যা কৰিলে।

 

আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে কি গোচৰত জোনমণিৰ ঘৰত গভীৰ নিশা আৰক্ষীয়ে অভিযান চলাইছিল সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত। ইফালে পৰিয়ালৰ লোকেও জোনমণিক বিভাগীয় কৰ্তৃপক্ষৰ পৰা তীব্ৰ হেচাঁ প্ৰদান কৰা হৈছিল উল্লেখ কৰিছে। সমগ্ৰ বিষয়টোলৈ চাই অচিৰেই জোনমণিৰ ওপৰত আৰক্ষীয়ে এক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িলে হেতেন বুলিয়েই সন্দেহ কৰিব পাৰি। লোকচক্ষুৰ পৰা আঁৰত ইয়াৰ বাবে হয়তো যাৱতীয় সকলো সাজুও কৰা হৈছিল। কিন্তু ইয়াৰ পূৰ্বেই সংঘটিত হল এই অঘটন।

 

ইফালে ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈছে দুৰ্ঘটনা সংঘটিত হোৱা দিনা নিশা ১২.২১বজালৈকে হোৱাটছ এপত অনলাইন আছিল জোনমণি।  সেই সময়ত জোনমণিৰ হোৱাটছ এপৰ ডি পি আছিল কলা ৰঙৰ।  কি কাৰনত জোনমণিৰ এনে মানসিক অৱস্থাৰ অৱণতি ঘটিছিল সেয়া তদন্ততহে পোহৰলৈ আহিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme