1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:20 pm

সফল হ’বই! ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকি লওক এই ৫টা কথা…

  • Update Time : Saturday, October 29, 2022

ডিজিটেল ডেস্কঃ অসমৰে নহয়, ভাৰতৰ ৰাজনীতিত অপ্ৰতিৰোধ্য ৰাজনৈতিক নেতা হোৱাৰ দিশে গতি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কোন পৰিস্থিতিত কেনেকৈ পৰিস্থিতি চম্ভালিব লাগে, সেই কথা বাৰুকৈয়ে জানে হিমন্ত বিশ্ব শৰ্মাই । আজি জানি লওঁ আহক ৰাজনৈতিক ব্যক্তি হিচাপেই নহয়, এগৰাকী ব্যক্তি হিচাপেও তেওঁৰ পৰা জানিব লগা ৮টা কথা-

১.  ড০ হিমন্ত বিশ্ব শৰ্মা মাজত নাথাকে। তেওঁ হয় ইপাৰ, নহয় সিপাৰত থাকে। অৰ্থাত যিকোনো সিদ্ধান্ত গ্ৰহনৰ ক্ষেত্ৰত পোনপতীয়া সিদ্ধান্ত গ্ৰহন কৰে তেওঁ।  যিকোনো সিদ্ধান্তক লৈ তেও দোদল্যমান স্থিতিত নাথাকে। যাৰ বাবে তেওঁৰ অনুৰাগীৰ মাজত কেতিয়া অপ্ৰিয়ভাজন নহয় আৰু যিটো কাম কৰে সেইটো কামত প্ৰায়ে সফল হয়।

২.  সময়ৰ সদপ্ৰয়োগৰ ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আছে ।  এক কথাত কবলৈ হলে সময়ৰ শৰ সময়ত মাৰিব জানে তেওঁ। যাৰ বাবে অসমৰ ৰাজনীতিত অপ্ৰতিৰোধ্য নেতা হিচাপে নিজক থিয় কৰাব পাৰিছে তেওঁ । সময়ৰ সদপ্ৰয়োগৰ বাবেই তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত দোপতদোপেত আগুৱাই যোৱাৰ উপৰিও ৰাজনৈতিক ক্ষেত্ৰত নিজৰ এখন সুকীয়া আসন তৈয়াৰ কৰিব পাৰিছে।

৩. আত্মবিশ্বাস হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আন এক গুন। সৰুৰে পৰা ৰাজনীতি কৰিমেই বুলি যি এটা আশা পুহি ৰাখিছিল সেই আশা বাস্তৱত ৰূপায়িত কৰি দেখালে তেওঁ। ৰাজনৈতিক ক্ষেত্ৰখনত সফল হোৱাৰ আগত বৰ্তমানৰ পত্নী তথা তেতিয়াৰ প্ৰেয়সীৰ আগতো হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, ঘৰত কৈ দিবা এদিন মুখ্যমন্ত্ৰী হম বুলি। আৰু এইষাৰ কথা কোৱা ২১বছৰৰ পাছত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল তেওঁ। গতিকে এইবোৰ কথাৰ পৰাই তেওঁৰ গভীৰ আত্মবিশ্বাসৰ কথা জানিব পাৰি।

৪. সকলো মানুহকে কথাৰে আকৰ্ষিত কৰিব পৰা গুনটো তেওঁৰ প্ৰধান অস্ত্ৰ বুলি কলেও ভুল কোৱা নহব। কথা কেনেকৈ কি পৰিস্থিতিত কব লাগে সেই কথা হিমন্ত বিশ্ব শৰ্মাই জানে। যিকোনো জলন্ত এটা বিষয়ক লৈ তেওঁৰ মতামতেই বহুলোকে সমাধান বুলি ভাৱে। মানুহ পতিয়ন যাব পৰাকৈ কথা কব দক্ষতা অসমৰ ৰাজনৈতিক ইতিহাসত মুষ্টিমেয় কেইগৰাকী মানৰহে আছে তাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম।

৫. সকলো সমস্যা সহজভাৱে  লব পৰা গুনটোও হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া অন্যতম এক গুন। যিমানেই বিঘিনি নাহক, মানুহজনক কেতিয়াও হতাশ হোৱা যেন নেদেখি। নিজৰ স্থিৰ ৰাখি তেওঁ কৰিবলগীয়াখিনি কৰি যায়। নিজৰ জীৱনৰ বাধা-বিঘিনিৰ মাজত নিজক স্থিৰে ৰাখি সহজভাৱে জীৱন চলাই নিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আন এক প্ৰধান গুন।

এই ৫টা কথা মাত্ৰ উদাহৰনহে। উত্তৰ-পূবৰ ৰাজনীতিত চানক্য হিচাপে খ্যাতি লভা হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বত আছে আৰু বহু দিশ…

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme