1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 1:22 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

সন্দেহ মাথোঁ সন্দেহঃ জোনমণিৰ গাড়ীত কিয় নাছিল অকণো তেজৰ দাগ…

  • Update Time : Wednesday, May 17, 2023

ডিজিটেল ডেস্কঃ জোনমণি ৰাভাৰ দুৰ্ঘটনাত যদি মৃত্যু হৈছিল, তেনেহেলে দুৰ্ঘটনাত পতিত হোৱাৰ গাড়ীখনত কিয় নাছিল অকণো তেজৰ চেকুৰা। প্ৰচণ্ড গতিত জোনমণিৰ বাহন আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত খণ্ড-বিখণ্ড হৈছিল জোনমণিৰ বাহনখন। থিতাতে মৃত্যু হোৱা জোনমণিৰ দেহৰ অকণো তেজ কি লগা নাছিল বাহনখন।

জোনমণিৰ বাহনখনৰ চালকৰ আসনৰ ফালে অকণো নাই তেজৰ চেকুৰা। কিন্তু সেই চালকৰ আসনতে বহি গৈছিল জোনমণি। ট্ৰাকত খুন্দা মাৰি বাহনখন চেপেটা হৈ হোৱাৰ পাছতো জোনমণিৰ দেহৰ অকণো তেজ গাড়ীখনত কিয় লগা নাছিল সেয়া কিন্তু ভাৱিলগীয়া। ইফালে জোনমণিৰ পৰিয়ালৰ লোকেও দাবী কৰিছে যে, জোনমণিক ৰডেৰে মৰিয়াই হত্যা কৰিছে। বন্ধু-বান্ধৱেও সেই একেই অভিযোগেই কৰিছে।

জোনমনি ৰাভাই মাকক এৰি চৰকাৰী বাসভৱনৰ পৰা ওলাই গৈছিল নিশা ১০ বজাত । নিশা ১০ বজাৰ পৰা দুৰ্ঘটনাৰ সময়লৈকে ক’ত ক’ত আছিল জোনমনি ? জোনমনিৰ হোৱাটচআপৰ ডিপি ক’লা ৰং কৰা হৈছিল নিশা ১২.২১ বজাত । সেয়া প্ৰকৃততেই জোনমনিয়ে সলনি কৰিছিলনে ? নে জোনমনিয়েই সেয়া কৰিছে বুলি মানুহক ভবাই তুলিবলৈ আন কোনো দুষ্টচক্ৰই নিজকে সন্দেহৰ আবৰ্তৰ পৰা মুক্ত কৰিবলৈ জোনমনিৰ পৰা ম’বাইলটো লৈ সেই কাম কৰিছিল ? এই বিষয়টোও এইবাবেই সন্দেহৰ উৰ্ধত নহয়।

যদি মহিলাগৰাকীৰ অভিযোগ সত্য, তেন্তে যিখন এজাহাৰক লৈ চৰ্চা হৈ আছে সেই এজাহাৰখনৰ ৰহস্যও ফাদিল হ’ব। এজাহাৰখনত উল্লেখ থকা নাম আৰু এজাহাৰখনৰ ভাষালৈ চাই এই সমস্ত ঘটনাৰ আঁৰত যে এক সুদৃঢ় পৰিকল্পনাও জড়িত হৈ থাকিব পাৰে তাকো নুই কৰিব নোৱাৰি । এতিয়া চি আই ডিৰ তদন্তইহে এই সকলোবোৰ দিশৰ সত্যতা নিৰূপন কৰিব পাৰিব ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme