1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:25 pm

বৰষা, দিপলীনা, প্ৰস্তুতি আৰু জেৰিফাঃ অসমীয়া অভিনেত্ৰীসকল মেকআপ নকৰিলে দেখিবলৈ কেনেকুৱা…

  • Update Time : Saturday, June 24, 2023

ডিজিটেল ডেস্কঃ কাৰো হয়তো দ্বিমত নাই যে, অসমীয়া প্ৰায়বোৰ অভিনেত্ৰীৰ ৰূপৰ লগতে গুণৰ দিশৰ পৰাও কোনেও চেৰ পেলাব নোৱাৰে।  বৰষা, জেৰিফা, প্ৰস্তুতিৰ লগতে দিপলীনাৰ ৰূপৰ চৰ্চা প্ৰায়ে সামাজিক মাধ্যমত চৰ্চা হয়। কিন্তু আপুনিও হয়তো কেতিয়াবা বলিউদৰ বহু মোহময়ী অভিনেত্ৰীৰ কেমেৰাৰ আগৰ চেহেৰা আৰু ৰিয়েল চেহেৰাক লৈ প্ৰকাশ কৰা বাতৰি পঢ়িছে। কিন্তু অসমৰ মোহময়ী অভিনেত্ৰীসকলক লৈ প্ৰকাশ কৰা এনে বাতৰি কেতিয়াবা পঢ়িছেনে। আজি চাও আহকচোন অসমৰ কেইগৰাকীমান মোহময়ী অভিনেত্ৰী বিনা মেকআপত দেখিবলৈ কেনেকুৱা!

বৰষাৰাণী বিষয়াঃ ৰূপৰ লগতে নিজৰ ব্যৱহাৰ আৰু মাত-কথাৰে সকলোৰে হৃদয়ত অন্য এখন স্থান অধিকাৰ কৰা বৰষাৰাণী  বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে । এতিয়ালৈ বহুটো ছবিত অভিনয় কৰিছে বৰষা ৰাণী বিষয়াই।।তেওঁ অভিনীত চলচ্চিত্ৰ বসুন্ধৰাই ৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছিল।

প্ৰস্তুতি পৰাশৰঃ নিজৰ বিন্দাছ ব্যক্তিত্ব আৰু অভিনয়ত থকা অগাধ দখলৰ বাবে প্ৰস্তুতিৰ অভিনয় বুলি কলেই দৰ্শক দৌৰি যায়। প্ৰায় পাঁচ বছৰ বয়সতে বৰ্ণালী নামৰ দূৰদৰ্শনৰ ছিৰিয়েল এখনত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।প্ৰস্তুতি পৰাশৰে অভিনয় কৰা প্ৰথম বোলছবি খনৰ নাম হৈছে মহাৰথী

জেৰিফা ৱাহিদঃ ৰূপৰ লগতে বিদ্যাৰ ক্ষেত্ৰতো বেছ আগবঢ়া জেৰিফা ৱাহিদ। জেৰিফা ৱাহিদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত বিভাগটোৰ ভিতৰত শীৰ্ষস্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। একে বিষয়তে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ আইন বিষয়ৰো স্নাতক ডিগ্ৰীধাৰী। ১৯৮৯ চনত অভিমান চলচ্চিত্ৰত এটি শিশুৰ চৰিত্ৰৰ অভিনয়ৰ জৰিয়তে অসমীয়া ছবিজগতত প্ৰৱেশ কৰিছিল।

দিপলীনা ডেকাঃ দিপলীনাৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। অধ্যয়ন কৰা সময়ৰ পৰা নৃত্য, সঙ্গীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছে। দীপলিনাই কথক নৃত্যৰ প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সঙ্গীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ ২০০৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেটমিণ্টন প্ৰতিযোগিতাতো চতুৰ্থ স্থান লাভ কৰিছিল৷ শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ’ কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময় জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তাৰপিছত চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ’ গানৰ এলবাম “নোৱাৰি নোৱাৰি” মুক্তি পায় যাৰ সহ-শিল্পী আছিল তৰুণ তন্ময়

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme