1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:39 am

ঠাণ্ডা বুলি শুই নাথাকিব, প্ৰস্তুতি আৰম্ভ কৰকঃ ভাৰতীয় সেনাত চাকৰি ওলাইছে…

  • Update Time : Saturday, January 21, 2023

ডিজিটেল ডেস্কঃ প্ৰচণ্ড শীত পৰিছে, গৰম কাপোৰখন মেৰিয়াই লৈ শুই নাথাকিব। উঠক আৰু প্ৰস্তুতি আৰম্ভ কৰক। কিয়নো ভাৰতীয় সেনাত ওলাইছে চাকৰি। ভাৰতীয় সেনাই নিযুক্তি সম্পৰ্কীয় এক বিজ্ঞাপন প্ৰকাশ কৰিছে।

গ্ৰুপ ‘চি’ৰ বিভিন্ন পদৰ বাবে প্ৰকাশিত এই বিজ্ঞাপন অনুসৰি আবেদনৰ অন্তিম তাৰিখ আগন্তুক ১১ফেব্ৰুৱাৰী । ইতিমধ্যে এই পদসমূহৰ বাবে আৱেদন প্ৰক্ৰিয়া চলি আছে। এই পদসমূহৰ বাবে নিৰ্ধাৰিত শিক্ষাগত অৰ্হতা হৈছে দশম শ্ৰেণী বা সমপৰ্যায়ৰ।

বয়সৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ নিম্নতম সীমা ১৮ আৰু উচ্চতম সীমা ২৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে। নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ দৰমহা হ’ব ১৮ হাজাৰৰ পৰা ৫৬,৯০০ টকা। আগ্ৰহী প্ৰাৰ্থীসকলে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট লৈ গৈ সবিশেষ চাব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme