ডিজিটেল ডেস্কঃ চাকৰি এটা ওলাইছে। চাকৰিৰ বিজ্ঞাপন দেখা মাত্ৰকেই ৯০হেজাৰ প্ৰাৰ্থীৰ আবেদন। এনে চাকৰিও আছে পৃথিৱীত। এই চাকৰিৰ বাবে হেঁপাহ থকা যুৱতীও ইমান আছে! চকু কঁপালত উঠিলেও এইয়াই সত্য। এডাল্ট ফ্লিমৰ বাবে খালী হৈছে এটা পষ্ট। পৰ্ণগ্ৰাফীৰ বাবে উলোৱা এই চাকৰিত দৰমহা শুনিলে তাতকৈয়ো আচৰিত হ’ব।
এটা মাত্ৰ পদ। চাকৰিৰ বাবে আবেদন কৰা যুৱতীৰ সংখ্যা হৈছেগৈ ৯০ হেজাৰ। কি হিচাপে প্ৰদান কৰিব চাকৰিটো? প্ৰতি ঘণ্টাকৈ নিৰ্ধাৰণ হ’ব দৰমহা। প্ৰতি এঘণ্টাত লাভ কৰিব ১৫০০ৰো বেছি টকা। জনপ্ৰিয় এথিকেল পৰ্ণগ্ৰাফী ৱেবচাইটত ওলোৱা এই পষ্টটোত আবেদন কৰা ৯০ হেজাৰ প্ৰাৰ্থীৰ পৰা বাছনি কৰি এগৰাকী ২২ বছৰীয়া তৰুণীক প্ৰদান কৰা হৈছে চাকৰিটো। ৱেবচাইটটোৰ তথ্য বিশ্লেষক পদত ৰেবেকা ডিক্সন নামৰ যুৱতীগৰাকীয়ে লাভ কৰিছে চাকৰি।
বিজ্ঞাপন দেখা মাত্ৰকে বিশ্বৰ প্ৰায় সকলো দেশৰ প্ৰাৰ্থীয়েই কৰিছিল আবেদন। কিন্তু সকলোকে চেৰ পেলাই ফিনলেণ্ডৰ ৰেবিকা এই পদৰ বাবে বাছনি হয়। চাকৰি লাভ কৰিয়েই ৰেবিকাই কৰিছে বিশেষ মন্তব্য। ৰেবিকাই কৈছে, ‘ চাকৰিটো হ’ল, মোৰ এতিয়াও বিশ্বাস হোৱা নাই। মই উদাৰ মনৰেই মানুহ। এই কামটো মোৰ বাবে উপযুক্তই।’ ৰেবিকাৰ পৰ্ণগ্ৰাফীৰ পৃথিৱীত এইয়াই প্ৰথম খোজ নহয়। ইয়াৰ পূৰ্বেও পৰ্ণ ৱেবচাইটত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট ৰেবিকা।
অৱশ্যে ৰেবিকাই এই ফিল্মত একটিং নকৰে। ছবিৰ সকলো দিশ নজৰ ৰখাটোহে ৰেবিকাৰ কাম। ৱেবচাইটৰ কাম ৰেবিকাই নিজ বাসগৃহৰ পৰাও কৰিব পাৰিব বুলি চাকৰিৰ এগ্ৰিমেণ্টত উল্লেখ আছে।