ডিজিটেল ডেস্কঃ প্ৰৱঞ্চকৰ সৈতে সম্পৰ্ক ৰাখি কোটি কোটি টকাৰ উপহাৰ লৈ এতিয়া বিপদে লগ এৰা নাই অভিনেত্ৰী জেকলিনক। কেইদিনমানৰ পূৰ্বে দিল্লী আৰক্ষীয়ে জেৰা কৰা জেকলিনক পুনৰ চমন দিছে আৰক্ষীয়। সোমবাৰে পুৱা ১১ বজাত অভিনেত্ৰী গৰাকীক জেৰা চলাব আৰক্ষীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অভিনেত্ৰী নোৰা ফাতেহীকো সোধা-পোছা কৰিছিল। জেকলিনৰ মেনেজাৰ প্ৰশান্তৰ পৰাও জব্দ হৈছিল ৮ লাখ টকীয়া এখন বাইক। আৰু এই বাইক খন ২০২১ চনত সুকেশে দিছিল।
উল্লেখ কৰা প্ৰয়োজন য, জেকলিনে সুকেশৰ পৰা ১২লাখ টকীয়া মেকুৰীৰ পোৱালী উপহাৰ হিচাপে লোৱাৰ লগতে কেইবাকোটি টকাৰ উপহাৰ লৈছিল।