ডিজিটেল ডেস্কঃ জয়মালাক অসমলৈ ঘূৰাই আনিবৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক। এই বৈঠকত কি কি সিদ্ধান্ত লোৱা হল মুখ্যমন্ত্ৰীয়ে নিজেই সদৰি কৰিলে এনেদৰে-
সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰিত তামিলনাডুত অসমৰ এটা হাতী জয়মালাক কৰা অবৰ্ণনীয় অত্যাচাৰৰ খবৰটিৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম চৰকাৰৰ পৰিৱেশ আৰু বনমন্ত্ৰী শ্ৰীচন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বন বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰোঁ।
কাইলৈ বন বিষয়া, আৰক্ষী বিষয়া আৰু পশু চিকিৎসকক লৈ গঠন কৰা এটা দলে তামিলনাডুত উপস্থিত হৈ তামিলনাডু চৰকাৰ আৰু বন বিভাগৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাৰে হাতীটোৰ অৱস্থাৰ বুজ লৈ অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।
তামিলনাডুলৈ যাবলগীয়া দলটোৰ সদস্যসকল—
১) শ্ৰীহিৰ্দেশ মিশ্ৰ, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক
২) ডাঃ কুশল কুমাৰ শৰ্মা, অধ্যাপক, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়
৩) শ্ৰীঅপৰ্ণা নটৰাজন, আৰক্ষী অধীক্ষক, মৰিগাঁও
৪) ডাঃ ৰূপজ্যোতি কাকতি, জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া, তিনিচুকীয়া