ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বিৰোধী দলবোৰ ডন কুইক্সটৰ এটা চৰিত্ৰ চাঙ্কো পাঞ্জোৰ দৰে। চাঙ্কো পাঞ্জোৱে নিজকে ৰাইজৰ প্ৰতিনিধি বুলি ভাবি ৰাইজৰ হৈ কথা কৈ থাকে কিন্তু ৰাইজে তেওঁৰ কথা নুশুনে। ঠিক তেনেদৰে অসমৰ বিৰোধিয়ে বিৰোধিতাৰ বাবে বহু কথা কৈ থাকে, কিন্তু তেওঁলোকৰ কথা কোনেও নুশুনে। ৰাইজে সকলো দেখি আছে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিজেপি বিধায়ক জয়ন্তমল্ল বৰুৱাই কংগ্ৰেছ তথা বিৰোধী পক্ষই কৰা সমালোচনাৰ প্ৰত্যুত্তৰত এইদৰে কয়।
বিৰোধী দলে অসমত কেন্সাৰ চিকিৎসালয় স্থাপনৰ বাবে টাটা ট্ৰাষ্টৰ ৰতন টাটা ই দিয়া অৰিহণাক প্ৰশংসা কৰা আৰু বিজেপি চৰকাৰক সমালোচনা কৰা কাৰ্য্য প্ৰসংগত তেওঁ কয় যে বিৰোধীৰ মতে তো সকলোখিনি ৰতন টাটায়ে কৰিছে। তেওঁ কয় যে ৰতন টাটা-ক বিৰোধিয়ে প্ৰশংসা কৰাটোত কোনো আপত্তি থাকিব নোৱাৰে বা তেওঁ প্ৰকৃততে প্ৰশংসাৰ যোগ্যও। কিন্তু চৰকাৰৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টা ও দূৰদৰ্শিতাৰ বাবে ৰাজ্যবাসীৰ কল্যাণৰ বাবে হোৱা ভাল কামবোৰৰো বিৰোধী দলবোৰে প্ৰশংসা কৰাটো উচিত।
২০১৮ চনত টাটা ট্ৰাষ্ট ৰ সৈতে অসম চৰকাৰৰ হোৱা চুক্তি অনুসৰি অসমত কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন গঠন কৰা আৰু আজি অসমত সৰ্বমুঠ ১৭ খনকৈ কেন্সাৰ চিকিৎসা কেন্দ্ৰ স্থাপন হোৱা পৰিবেশৰ বাবে যেন তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী ও বৰ্তমানৰ মূখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ কোনো অৰিহণাই নাই। অসমৰ ৰাইজে উন্নয়নৰ বাবেই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত প্ৰতিটো নিৰ্বাচনতে আস্থা প্ৰকাশ কৰি আহিছে। বিৰোধী দলবোৰৰ কথাত অসমৰ ৰাইজ কেতিয়াও ভোল নাযায়।
তেওঁ কয় যে মূখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দেখি বিৰোধী দলবোৰে থৰকাছুটি খাইছে বাবেই ৰাইজক বিভ্ৰান্ত কৰিবৰ বাবে হোৱাই-নোহোৱাই ইটোৰ পিছত সিটো প্ৰসঙ্গৰ অৱতাৰণা কৰি থাকে। বৰুৱাৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ দৰে জনপ্ৰিয়তা তেওঁ আজিলৈকে বহু ডাঙৰ ডাঙৰ লোকৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা নাই। অসমৰ ৰাইজে তেওঁ য’লৈকে গৈছে তাতেই হিয়া উজাৰি মৰম ও আশীষ দিছে।
তেওঁক এবাৰ চুই চাবলৈ, কাষত পাবলৈ, চেল্ফি উঠিবলৈ মানুহৰ মাজত হেতা-উপৰা লগা কথাবোৰেই প্ৰমাণ কৰে যে তেওঁ এজন জননেতা। নিজৰ জীৱনত এনে জনপ্ৰিয় দ্বিতীয়জন ৰাজনৈতিক নেতা নেদেখা বুলি কৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব গৰাকীয়ে কয় যে বিৰোধী দলবোৰ নাইবা একাংশ তথাকথিত নেতাই চৰকাৰখনৰ উন্নয়ন মূলক কাম-কাজক নতুবা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ যায় বাবেই অসমৰ ৰাইজে তেনেসকলক সদায় প্ৰত্যাখ্যান কৰি আহিছে।