1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:08 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,হৰিনাম লওক…

  • Update Time : Saturday, August 19, 2023

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দলবিৰোধী কিছু মন্তব্য কৰাৰ পাছতে ৰাজেন গোহাঁইৰ বিৰুদ্ধে কঠোৰ হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ১৯আগষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে, Performanceৰ ওপৰত দল চলে।  কপিলদেৱে বিশ্বকাপ জয় কৰিছিল। এতিয়া কপিলদেৱকতো খেলাই থাকিব নোৱাৰি!

তেওঁ লগতে কয়, বিজেপিত ৮০শতাংশ ২০১৪ৰ পিছত অহা কাৰ্যকৰ্তা। আঠ বছৰৰ আগত অহা সকল নতুন কাৰ্যকৰ্তা হ’ব নোৱাৰে। ছমাহৰ আগত অহাবোৰ নতুন বুলি কব পাৰি। ৰাজেন গোহাঁইক দলে যিমান দিছে,আন কাকো দিয়া নাই। Generention হিচাপে দলত মানুহ থাকিব। আগতে গাভাস্কৰ,কপিলদেৱ আছিল, এতিয়া নাই,এনেকৈ চলি থাকিব।

সমষ্টি পুণঃ নিৰ্ধাৰণক লৈ গোঁহায়ে কৰা বিৰোধিতাক লৈ তেওঁ কয়,  খিলঞ্জীয়াৰ পক্ষত নিৰ্বাচন আয়োগে চিন্তা কৰিছে, যাৰ বাবে ১০৩ টা সমষ্টি খিলঞ্জীয়াৰ হাতত আছে। নগাঁওটো বাদ দি বেলেগ জয়ী হ’ব নালাগে বুলি ভাবিছে যদি সেইয়া বেলেগ কথা। ৰকিবুল হুছেইনৰ লগত সম্পৰ্ক থকাৰ কথা উলিয়ালে সকলোৱে লেই লেই ছেই ছেই কৰিব গোহাঁইক।

দলৰ বিৰুদ্ধে কোৱাসকলক সকিয়নী প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয়,  এতিয়াৰ পৰা বি জে পি কাৰ্যালয়ৰ ভিতৰত কোনোৱে দলৰ বিৰুদ্ধে ক’ব নোৱাৰিব। যিয়ে ক’ব তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ জ্যেষ্ঠ বুলি সহ্য কৰি থকা নহ’ব।  ইন্দ্ৰানী তহবিলদাৰৰ ঘটনাত জড়িত থকা সকল কোনো ডাঙৰ পদবীত থকা লোক নহয়,সাধাৰণ কৰ্মীহে। ইয়াত দলৰ কোনো সম্পৰ্ক নাই।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,  ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,হৰিনাম লওক। গাভাস্কৰে এতিয়া খেলিম বুলি ক’লেতো নহ’ব।এতিয়া ৰাজেন গোহাঁইৰ সন্যাস লোৱাৰ সময়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme