ডিজিটেল ডেস্কঃ সকলো ঠিকে-ঠাকে থাকিলে হয়তো অচিৰেই অসমৰ চিত্ৰপ্ৰেমী ৰাইজে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক যতীন বৰাৰ কন্যাক দেখিবলৈ পাব ৰূপালী পৰ্দাত। কেতিয়া আৰু কোন ছবিত অভিনয় কৰিব সেয়া ঠিৰাং হোৱা নাই যদিও যতীন বৰাৰ একমাত্ৰ কন্যাক লৈ জন্মদিনৰ দিনাই সংবাদমাধ্যমৰ আগত কিছু কথা সদৰি কৰিছে যতীন বৰাই।
সংবাদমাধ্যমক সদৰি কৰা মতে, যতীন বৰাৰ কন্যালৈ ইতিমধ্যে আহিছে ছবিত অভিনয়ৰ বাবে অফাৰ। কিন্তু স্কুল আৰু অন্য বিদ্যায়তনিক কাম-কাজৰ বাবে এতিয়াই ছবিজগতত প্ৰৱেশ কৰিব খোজা নাই তেও। এইক্ষেত্ৰত পিতৃ-মাতৃ তৰফৰ পৰাও সম্পূৰ্ন সমৰ্থন আছে বুলি কয় যতীন বৰাই।
যতীন বৰাই উল্লেখ কৰা মতে- তেওৰ কন্যা যি দিশতে যাব খোজে পিতৃ হিচাপে তেওৰ কোনো বাধা নাই। কিন্তু প্ৰথমে শিক্ষা জৰুৰী। শিক্ষা বজাই ৰাখি অভিনয়ৰ লগতে অন্য যদি কিবা দিশত ৰাপ আছে তেন্তে তেনে দিশতো যাব পাৰে বুলি কয় যতীন বৰাই।
উল্লেখ কৰা প্ৰয়োজন যে, ২৫ এপ্ৰিলত যতীন বৰাৰ জন্মদিন। আৰু জন্মদিনৰ দিনাই এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে তেও। ইফালে ওপজা দিনটোতে যতীন বৰাৰ আহিবলগীয়া ছবি ৰাঘৱৰ মশ্যন পোষ্টাৰ মুকলি কৰা হয়।