1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:14 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বুকুত গুলী! মৃত্যু হৈছে নেকি জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ…

  • Update Time : Friday, July 8, 2022

ডিজিটেল ডেস্কঃ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ বিশ্বক জোকাৰি গৈছে। বুকুত গুলী লগা শ্বিনজো আবেক স্বাস্থ্যৰ অৱস্থা অতিকৈ সংকটজনক বুলি সদৰি কৰিছে স্থানীয় সংবাদ মাধ্যমে। এতিয়ালৈকে চৰকাৰী পক্ষৰ ফালৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ কোনো তথ্য আনুষ্ঠানিকভাৱে সদৰি কৰা নাই যদিও কিছুসময়ৰ পাছতে আবেৰ স্বাস্থ্যৰ সম্পৰ্কত আনুষ্ঠানিকভাৱে সদৰি কৰিব সংবাদমাধ্যমক।

জাপানৰ একাংশ স্থানীয় সংবাদমাধ্যমৰ প্ৰকাশিত খবৰ অনুসৰি, চৰকাৰে এক ডাঙৰ অঘটনৰ খবৰ দিয়াৰ সম্ভাৱনা আছে। সন্দেহ প্ৰকাশ কৰা হৈছে যে, শ্বিনজো আবেৰ মৃত্যু হৈছে। কিয়নো বুকুত গুলী লগাৰ পাছত সভাস্থলীত ঢলি পৰিছিল আবে। তাৰ পাছত তেওঁক ভৰ্তি কৰা হৈছিল হস্পতালত। পশ্চিম জাপানৰ নাহা নামৰ চহৰখনত অনুষ্ঠিত হোৱা এখন বিশেষ সভাত ভাষণ দি থকা অৱস্থাতে এই গুলীবৰ্ষণ সংঘটিত হৈছিল। দুই জাঁই গুলী আবেৰ বুকুত লাগিছে বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰিছে।

সন্দেহ কৰিলেও, জাপানৰ ৰাজনৈতিক নেতাগৰাকীৰ সুস্বাস্থ্য কামনা কৰিছে সমগ্ৰ বিশ্বই। উল্লেখ্য যে, ২০২০ৰ আগষ্টত জাপানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল শ্বিনজো আবেই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme