1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:39 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

চৰকাৰৰ সফলতাঃ ৮০০খন চাহ বাগিছাৰ শ্ৰমিকে পাব বিশুদ্ধ খোৱাপানী…

  • Update Time : Tuesday, March 21, 2023

ডিজিটেল ডেস্কঃ মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত জল জীৱন অভিযান আৰু স্বচ্ছ ভাৰত অভিযানৰ সফল ৰূপায়ণৰ সন্দৰ্ভত ৰাজ্যৰ চাহ বাগিচা পৰিচালনা সমিতি আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ই এখন বৈঠক অনুষ্ঠিত কৰে য’ত সমষ্টিৰ অন্তৰ্গত চাহ বাগিচা থকা বিধায়কসকলেও অংশগ্ৰহণ কৰে।

সভাত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী বৰুৱাই চাহ বাগিচা পৰিচালনা সমিতিক অসমৰ সকলো চাহ বাগিচাতে জল জীৱন মিছন আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহযোগ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। ৰাজ্যজুৰি জেজেএমৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সম্পূৰ্ণ ৰাজ্যৰ কামৰ গড়তকৈ চাহ বাগিচাৰ কামৰ গড় তুলনামূলকভাৱে উন্নত।

তেওঁ এই কথাটোও আলোকপাত কৰে যে স্বাধীনতাৰ পিছৰ পৰা চাহ বাগিচাসমূহত এইটোৱেই হৈছে সৰ্বাধিক পানী যোগানৰ আন্তঃগাঁথনিৰ ব্যয় যাৰ যোগেদি অসমৰ ৮০০খন চাহ বাগিচা সামৰি লোৱা হ’ব আৰু চাহ বাগিচাৰ শ্ৰমিকসকলে ODF মৰ্যদা আৰু জে জে এমৰ যোগেদি এক ৰোগমুক্ত জীৱন যাপন কৰাত সহায় কৰিব।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা সংগঠনসমূহক আঁচনিসমূহৰ কাম-কাজ নিৰীক্ষণ কৰাৰ লগতে সকলো স্তৰতে বিশুদ্ধ খোৱাপানী উপলব্ধ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।লগতে তেওঁ মেনেজমেণ্টক স্থানীয় বিষয় যেনে মাটিৰ উপলব্ধতা আদি চোৱাচিতা কৰিবলৈও আহ্বান জনায়। উল্লেখযোগ্য এতিয়ালৈকে সকলো চাহ বাগিচাতে মুঠ ২.৭৫ লাখ এফ এইচ টি চি(FHTC) স্থাপন কৰা হৈছে আৰু সমগ্ৰ অসমৰ ৮০৩খন চাহ বাগিচাত মুঠ ১৬০৩খন পানী যোগান আঁচনি কাৰ্যকৰী হ’ব। সভাত মন্ত্ৰী সঞ্জয় কিষান, মন্ত্ৰী যোগেন মোহন, ভালে সংখ্যক বিধায়ক আৰু চাহ সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme