1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 5:44 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

অসমীয়াই মূৰত তুলি লৈছিল, আজি সমগ্ৰ অসমীয়া জাতিটোকে ব্ৰহ্মতালুত মাৰিলে খোঁট!

  • Update Time : Tuesday, February 7, 2023

ডিজিটেল ডেস্কঃ অসমীয়াই মূৰত তুলি লোৱা ইছমাইল হুছেইনে হাজাৰ বছৰীয়া ঐতিহ্য, সংস্কৃতিৰ চহকী অসমীয়া জাতিক আজি ব্ৰহ্মতালুত খোঁট মাৰিলে৷ ইছলামিক বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছে এইগৰাকী হুছেইনে৷ সাহিত্যিক নামধাৰী চোলা এটা পিন্ধি থকা ইছমাইল হুছেইনে হিন্দুৰ বিৰুদ্ধে অতি সন্তৰ্পণে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ হিন্দু আৰু ভয়ংকৰ প্ৰো মুছলিম এজেণ্ডা চলাই থকাৰ গোন্ধ পাইছে অসমৰ নেটিজেনে৷ ইছমাইল হুছেইনে তথাকথিত লোকজনে হিন্দু সমাজক কিমান ঘৃণা কৰে সেই কথা এটা ফেচবুক পোষ্টত পুনৰ স্পষ্ট হৈছে৷ সাহিত্যিক নামধাৰী চোলা এটা পিন্ধি থকা নিকৃষ্ট, তৰল আৰু লঘূ ইছমাইল হুছেইনে সামাজিক মাধ্যম যোগে অসমৰ কীৰ্ত্তিমান, স্বনামধন্য নাৰীসকলক অপমান কৰিছে৷ সমগ্ৰ অসমীয়া জাতিক আট্টহাস্য কৰাই নহয় অসমীয়া জাতিৰ হাজাৰ বছৰীয়া গৰ্ব, অহংকাৰক ভৰিৰে মোহাৰি দিয়া পৰিলক্ষিত হৈছে৷ অসমীয়া জাতিৰ প্ৰতি বিৰাগ থকা অভব্য ইছমাইল হুছেইন যে অৰুচিপূৰ্ণ মানুহ সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে৷ কেইবাগৰাকী স্বনামধন্য নাৰীক ইছমাইল হুছেইনে বাল্যবিবাহৰ অভিযানৰ সৈতে জড়িত কৰাত কেৱল হিন্দুৱে নহয় অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী সমাজে অন্তৰত আঘাত পাইছে৷ ইছমাইল হুছেইনক উভতি ধৰিছে নজমুল হক নামৰ এগৰাকী লোকে৷ নজমুল হকে ইছমাইল হুছেইক প্ৰশ্ন কৰি কয় যে পোষ্টটোত হজৰত মহম্মদে আয়েশাক কিমান বয়সত বিয়া কৰাইছিল সেই কথাৰ উল্লেখ নাই৷

প্ৰথিতযশা হিন্দু নাৰীক উদাহৰণ হিচাপে লৈ পাকে-প্ৰকাৰে বাল্যবিবাহক সমৰ্থন কৰিবলৈ উঠি-পৰি লাগিছে ইছমাইল হুছেইন নামৰ তথাকথিত ভাষিক সংখ্যালঘূ সাহিত্যিক জনে৷ কেইবাগৰাকী প্ৰথিতযশা, যুগজয়ী নাৰীৰ নাম উল্লেখ কৰি হিন্দু নাৰী সমাজক অপমান কৰি মুছলমান সমাজক শুদ্ধ বুলি প্ৰতিপন্ন কৰিছে৷ ইপিনে হিন্দু সমাজখনে বাল্যবিবাহ সমৰ্থন কৰে বুলি প্ৰতিপন্ন কৰিব খোজা ইছমাইল হুছেইনৰ গৰ্হিত কাণ্ডক কোনেও সহজভালে ল’ব পৰা নাই৷ ইছমাইল হুছেইনে কম বয়সত বিয়া কৰোৱা বেমাৰটো পুৰণি বুলি কৈ ১৮ বছৰটো কঠোৰভাৱে মানি চলিব লাগে বুলি কয়৷ মই ২১ বছৰৰ পক্ষপাতী৷ বেমাৰটো কেৱল সনাতনধৰ্মীৰ মাজতেই নাছিল৷ ইছলামধৰ্মীৰ মাজতো আছিল৷ আহক, বেমাৰটো নাইকিয়া কৰিবলৈ আইনক সহায় কৰো৷ এই পোষ্টটোত যিকেইগৰাকী স্বনামধন্য নাৰীয়ে বিয়া হোৱাৰ বয়স উল্লেখ কৰিছে ইছমাইল হুছেইনে সেই নাম কেইটা আমি মুখত ল’বই নোৱাৰো৷ কিয়নো এইসকল নাৰীয়ে জাতিটোক সাহিত্য, সংস্কৃতিৰ লগতে বিভিন্ন দিশক সমৃদ্ধ কৰিছে৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে বাল্যবিবাহক সমৰ্থন কৰি ইছমাইল হুছেইনে এটা পোষ্ট কৰিছে৷ হিন্দুত্ববাদী সত্যৰঞ্জন বৰাই ইছমাইল হুছেইনক তীব্ৰ আক্ৰমণ কৰি কয় যে এই ক্ষেত্ৰত সনাতন হিন্দু ধৰ্মী লোকৰ কথা ক’ৱলৈ গৈ পাহৰি গ’ল ৬ বছৰীয়া আয়েচাক বিয়া কৰাই ৯ বছৰত যৌন শোষণ কৰা তেওঁৰ ধৰ্মৰ প্ৰধান প্ৰচাৰক জনৰ কথা। হজৰতৰ কথা পাহৰিলে ইছমাইলে! সামাজিক মাধ্যমযোগে বহু লোকে আক্ৰমণ কৰিছে হুছেইনক৷ মিণ্টু চহৰীয়াই কয় যে ইছমাইল হুছেইন ডাঙৰীয়া আপোনাৰ আচল ৰূপ ওলাই পৰিল৷

Mamin Ali Ahmed নামৰ লোকজনে কয় যে ইছমাইল হুছেইনৰ এই পোষ্টটো অতি নিন্দনীয়। এগৰাকী অভিজ্ঞতা সম্পন্ন লেখক তথা বুদ্ধিজীৱী হৈ এনে শিশুসুলভ পোষ্ট দিয়াটো সমীচিন হোৱা নাই। পোষ্টটোত সাম্প্ৰদায়িকতা, উচটনি আৰু প্ৰত্যুত্তৰৰ গোন্ধ পোৱা যায়। নিজ সম্প্ৰদায়ৰ সংস্কাৰৰ পৰিৱৰ্তে আনৰ দোষ খুচৰি কি লাভ হ’ব। মুখ্যমন্ত্ৰীয়ে ভালপদক্ষেপ লৈছে যদি ইয়াত ৰাজনীতি কৰা নাই। প্ৰক্ৰিয়া ভুল হ’ব পাৰে কিন্তু পদক্ষেপ সমৰ্থনযোগ্য। ২০২২ৰ আগৰ খিনি ৰেহাই দি 2023ৰ পিছৰ খিনিৰ বাবে কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব পাৰে। চকীদাৰ এজনে পৰীক্ষাৰ ফলাফলৰ দিনা নিজ পুত্ৰৰ পৰীক্ষাৰ ফলাফল কি হ’ল বুলি সুধাত চকীদাৰ পুত্ৰই তপৰাই উত্তৰ দিলে যে হেডমাষ্টৰৰ ল’ৰাও ফেল কৰিছে বুলি কোৱাৰ দৰে হুছেইন ছাৰৰ মানসিকতাই সম্প্ৰদায়টোক পশ্চাদগমনহে কৰাব। আজিৰ পৰা ৭০-৮০ বছৰ আগৰ প্ৰসংগ টানি কি বুজাব বিচাৰিছে৷

Papori Jatin Phukan নামৰ মহিলাগৰাকীয়ে কয় যে এই ইছমাইল হুছেইন বোলা মানুহজনে নাজানে নেকি সেই সময়ৰ প্ৰেক্ষাপট আৰু বৰ্তমানৰ প্ৰেক্ষাপট একে নহয়৷ তেওঁ নাজানে নেকি একবিংশ শতিকাত এইবোৰ চলি থকাটো সামাজিক ব্যাধি। তেওঁ যি কেইগৰাকী বৰেণ্য ব্যক্তিত্বৰ নাম লৈছে, সেইয়া কৰি তেওঁ সেইসকলক অপমানিত কৰা নাই নে? অতীতত বল্কল পিন্ধিছিল, ইছমাইল হুছেইনে এতিয়াও পিন্ধে নে? সতীদাহ প্ৰথাও আছিল.. এতিয়া আছে নেকি??? এই মানুহজনৰ মুখত লেকাম লগোৱাৰ প্ৰয়োজন হৈছে…আখৰ কেইটাৰ বাদে আজিলৈকে ভাল গুন এটাও দেখা নাপালো…কি মানুহ হে ১৮৬২ চনৰ প্ৰেক্ষাপট আৰু ২০২৩ চনৰ প্ৰেক্ষাপটৰ পাৰ্থক্য নাজানে??? বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কি কি পদক্ষেপ লোৱাৰ প্ৰয়োজন সেই বিষয়ে আলোচনা নকৰি, কি কাৰনত এই পুৰোধা মহিলাসকলৰ নাম, পেচা লিখি সামাজিক ভাৱে তেওঁলোকক অপমান কৰিছে…?? এই মানুহজনক মুৰত তোলা মানুহবোৰে এইবোৰ দেখিও মহিলাৰ অপমান বুলি ধৰা নাই কিয়?? ইয়াৰ পৰা কি বুজা গল, মৃত্যুৰ কেইবা দশকৰ পাছতো মহিলাক সামাজিক ভাৱে অপদস্থ কৰিবলৈ মাত্ৰ মূহুৰ্তৰ প্ৰয়োজন।

Deva Kumar Das নামৰ লোকজনে কয় যে অসমৰ স্বনামধন্য মহিয়ষী নাৰী সমাজক অপমান কৰিবলৈ ইছমাইল হুছেইন নামৰ ইছলামিক বৌদ্ধিক সন্ত্ৰাসবাদীজন কোন ? এইজনক গ্ৰেপ্তাৰ কৰাতেই ক্ষান্ত নাথাকি অসমৰ সমাজ জীৱনৰ পৰাই বহিস্কাৰ কৰিব লাগে৷ এনেদৰেই এতিয়া ছ’চিয়েল মিডিয়াৰ সৰ্বত্ৰে চলিছে ইছমাইল ভৎৰ্সনা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme