ডিজিটেল ডেস্কঃ বেজাৰ মনেৰে স্বদেশলৈ ৰাওনা হ’ব টীম ইণ্ডিয়া। প্ৰথমে দুখন মেচত পৰাজয় আৰু তাৰ পিছতে দুখনকৈ মেচত বেটে-বলে পৰাক্ৰম দেখুওৱাৰ পাছতো টি-২০ৰ চলিত বিশ্বকাপৰ পৰা বাহিৰ হল টীম ইণ্ডিয়া। চলিত বিশ্বকাপৰ শেষৰখন মেচত জয়ী হলেও টীম ইণ্ডিয়াৰ এইবাৰৰ প্ৰদৰ্শনক লৈ মুঠেও সুখী নহয় ক্ৰীড়া অনুৰাগী। অধিনায়ক বিৰাট কোহলীৰ নেতৃত্বৰ ওপৰতো বহুজনে প্ৰশ্ন উত্থাপন কৰিছে। সেয়া যি কি নহলেও, ভাৰতীয় ক্ৰিকেট দলটোৰ বেট-বল উভয়ে সামগ্ৰিক প্ৰৰ্দশনক লৈ সকলোৱে কৰিছে সমালোচনা।
ভাৰতীয় ক্ৰিকেট দলটোৰ এনে প্ৰদৰ্শনলৈ লক্ষ্য ৰাখি শেহতীয়াকৈ মুখ খুলিছে ভাৰতক বিশ্বকাপ জয়ৰ সোৱাদ দিয়া কেপ্তেইন কপিল দেৱে। এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত হোৱা ইন্টাৰভিউত তেওঁ কয়- ”এতিয়া আমাৰ খেলুৱৈসকলে দেশক গৌণ কৰি অত্যাধিক গুৰুত্ব প্ৰদান কৰিছে আই পি এলত। যাৰ প্ৰভাৱ আমি হাতে হাতে পাইছো। মই ব্যক্তিগতভাৱে অনুভৱ কৰো খেলুৱৈসকলে দেশৰ বাবে খেলি যি গৌৰৱ অনুভৱ কৰে, সেই গৌৰৱক উপলদ্ধি কৰাটো উচিত।”
কপিল দেৱে উক্ত ইন্টাৰভিউটোত লগতে কয়,- ”মই এইটো কোৱা নাই যে, খেলুৱৈসকলে আই পি এল নেখেলিব। সকলো ফৰমেট (formet)ৰ খেলেই খেলিব লাগে। কিন্তু বি চি চি আয়ে এই সমগ্ৰ দিশটোক লৈ কিছু কাৰ্যপন্থা গ্ৰহণ কৰা উচিত। যিটোৱে সকলোৰে বাবে মংগলজনক হিচাপে বিবেচিত হ’ব। খেলুৱৈ সকলে এই বুলিও ভাৱিব নালাগে যে বিশ্বকাপৰ জয়ৰ সপোন ভংগ হল বুলিয়েই সম্পূৰ্ণ ক্ৰিকেটৰ কেৰিয়াৰ শেষ। ইয়াৰ পৰাই নতুনকৈ সকলো আৰম্ভ কৰাৰ চেষ্টা কৰক। বিশেষকৈ আই পি এল আৰু অন্য মেচবোৰৰ মাজত সময়ৰ ব্যৱধান ৰাখক।”
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০১২চনৰ পিছত প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপত ছেমি ফাইনেলতো প্ৰৱেশ কৰিব নোৱাৰিলে টীম ইণ্ডিয়াই। শেহতীয়াকৈ টীম ইণ্ডিয়াত দেখা গৈছিল ভালে কেইখন নতুন মুখ। বেটে-বলে পৰাক্ৰম দেখাব পাৰিব বুলিয়েই ক্ৰীড়ানুৰাগীসকলে ভাৱিছিল যদিও সেই আশাত এইবাৰৰ প্ৰদৰ্শনে চেচাঁ পানী ঢালিলে। ইফালে ছচিয়েল মিডিয়াত একাংশ নেটিজেনেও টীম ইণ্ডিয়াৰ খেলুৱৈসকলে খেলতকৈ বিজ্ঞাপনতহে অধিক গুৰুত্ব দিছে বুলি মন্তব্য আগবঢ়াইছে।