ডিজিটেল ডেস্কঃ পৃথিৱীৰ এনেকুৱা কিছুমান ঠাই আছে য’ত মানুহে খাদ্যৰ অভাৱত মৃত্যু মুখত পৰে৷ সমাজত এনুকুৱা লোক আছে যাৰ থাকিবলৈ সৰু পজা এটি নাই, ৰাজপথৰ ফুটপাথতেই জীৱন অতিবাহিত কৰি আছে সেই লোকসকলে৷ টকা থাকিলে মানুহে নকৰে কি? এগৰাকী ব্যক্তিৰ কথা শুনিলে আপুনিও আচৰিত হ’ব, আপুনি মই ভৱাতকৈও সম্পূৰ্ণ পৃথক ব্যক্তি গৰাকী৷ যাৰ জীৱন শৈলীৰ বিষয়ে শুনিলে আপুনি অবাক হৈ উঠিব৷
শিংগাপুৰৰ এগৰাকী ৪৬ বছৰীয়া যুৱতী, নাম জেমী চুৱা৷ এই যুৱতীগৰাকীৰ আভিজাত্য জীৱনশৈলী বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে সকলোৱে জ্ঞাত৷ ইনষ্টাগ্ৰাম জৰিয়তে মহিলাগৰাকীয়ে কেতিয়াবা যদি বিলাসী জোতা-চেণ্ডেলৰ সংগ্ৰহ দেখুৱায়, আন কেতিয়াবা বিলাসী বেগ আৰু অন্যান্য বিলাসী সামগ্ৰীৰ ছবি প্ৰেৰণ কৰে জেমীয়ে৷ যাৰ বাবে এইগৰাকী যুৱকী এতিয়া ‘‘ইনষ্টাগ্ৰাম কুইন’’ নামেৰে পৰিচিত হৈ পৰিছে৷
কিছু সংখ্যক ব্যক্তিয়ে কয় যে, জেমী চুৱাৰ লগত বিশ্বৰ সকলোতকৈ দামী কোম্পানী হাৰ্মিছ বেগ (Hermes Bag)ৰ সৰ্ববৃহৎ সংগ্ৰহ আছে আৰু এই ক্ষেত্ৰত তেওঁ কিম কাৰ্দাচিয়ান আৰু ভিক্টোৰিয়া বেকহামক চেৰ পেলাইছে৷ ‘‘ডেলী মেল’’ৰ খবৰ অনুসৰি জেমিৰ ওচৰত ৩০০ তকৈ অধিক জোতা আছে আৰু বেছিভাগ জোতা ষ্টিলেটো চুউজ (Stiletto Shoes) কোম্বানীৰ, যাৰ দাম প্ৰতিযোৰত ৩.৫ লাখতকৈ অধিক৷ জেমীৰ লগত সৰু-বৰ বহুটো বেগ থকাৰ উপৰিও হাৰ্মেজ (Hermes) কোম্পানীৰ এখন হীৰাৰ বেগ ব্যৱহাৰ কৰে এইগৰাকী ইনষ্টাগ্ৰাম কুইনে৷ যাৰ দাম ১.৫ কোটি টকাৰো অধিক৷ ইন্দোনেচিয়াৰ আৰৱপতি নুৰ্ডিয়ান ছুৱাচাৰ সৈতে জেমীয়ে বিবাহপাশত আৱদ্ধ হৈছিল যদিও দুটি সন্তানৰ মাতৃ জেমী চুৱাৰ পিছলৈ বিবাহ বিচ্ছেদ হৈছে৷