1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:03 am

চাওঁক VIDEO- PWD বিভাগৰ কনিষ্ঠ অভিযন্ত্ৰাৰ ঘৰৰ পানীৰ পাইপেৰে ওলাল লাখ লাখ টকা…

  • Update Time : Wednesday, November 24, 2021

ডিজিটেল ডেস্কঃ এজন কনিষ্ঠ অভিযন্ত্ৰাৰ ঘৰ।  সেই ঘৰটোত পানীৰ নলাৰে পানীৰ পৰিৱৰ্তে ওলাই কেৱল টকা আৰু টকা। শুনি আচৰিত লাগিলেও এই ঘটনা সংঘটিত হৈছে আমাৰ দেশতে। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পানীৰ পাইপেৰে অজস্ৰ টকা ওলাই থকা এই বিশেষ ভিডিঅটো-

ভিডিঅটো চাওঁক-

 

এই ঘটনাতো সংঘটিত হৈছে কৰ্ণাটকত। বুধবাৰে পুৱাৰে পৰা দুৰ্নীতি নিবাৰক শাখাই প্ৰায় ৬০স্থানত চলাইছিল এক অভিযান। কেইবাজনো বিষয়াৰ লগতে কনিষ্ঠ অভিযন্ত্ৰাৰ আয়তকৈ অধিক সম্পত্তিৰ তথ্য পোৱাৰ পাছতে এই অভিযান চলিছিল।  এই অভিযান কালতে কালবুৰ্গী নামৰ স্থানত থকা এগৰাকী কনিষ্ঠ অভিযন্তাৰ ঘৰৰ পাইপত এনেদৰে ওলাল টকা।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, পি ডব্লিউ ডি বিভাগৰ কনিষ্ঠ অভিযন্ত্ৰা গৰাকীৰ নাম এছ এম বীৰাদৰ। দুৰ্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme