ডিজিটেল ডেস্কঃ হত্যাৰ ষড়যন্ত্ৰ চলিছে ইমৰাণ খানৰ বিৰুদ্ধে৷ কিছুদিন পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদ হেৰুওৱা ইমৰাণ খানৰ হত্যাৰ ষড়যন্ত্ৰ চলিছে যাৰ বাবে পাকিস্তানৰ ইছলামাবাদত জাৰি কৰ হৈছে সতৰ্কতা৷ শনিবাৰৰ নিশাৰ পৰাই কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা৷ ১৪৪ ধাৰাও জাৰি কৰা হৈছে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত৷
ইতিমধ্যে এই নিৰাপত্তা সন্দৰ্ভত টুইট কৰিছে ইছলামাবাদ আৰক্ষীয়ে৷ টুইটত উল্লেখ কৰা অনুসৰি, দেওবাৰে এখন সভাৰ বাবে ইছলামাবাদলৈ আহিছে ইমৰাণ খান৷ সেয়ে এই বিশেষ সতৰ্কতামূলক ব্যৱস্থা৷ প্ৰধানমন্ত্ৰী পদ হেৰুওৱাৰ পিছতেই বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে ইমৰাণ খানে৷ সেই মন্তব্যৰ বাবেই বহুতৰে টাৰ্গেট হৈ পৰিছে ইমৰাণ খান বুলি টুইটত উল্লেখ কৰিছে আৰক্ষীৰ বিশেষ সূত্ৰই৷